নামনি অসমৰ অন্যতম শৈৱশক্তি পীঠ নলবাৰী জিলাৰ বেলশৰৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত বৃহস্পতি বাৰে প্ৰথম বাৰৰ বাবে উপস্থিত হল ৰাজ্যৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখী । দেৱালয় খনত ৰাজ্যপাল গৰাকী উপস্থিত হোৱাৰ লগে লগে পুষ্পবৃষ্টিৰে আদৰণি জনাই । প্ৰবিত্ৰ ভাদ মাহৰ পহিলা দিনটোতে ৰাজ্যপাল গৰাকীয়ে দেৱালয় দৰ্শন কৰি ৰাইজৰ মংগল কামনা কৰি পূজা অৰ্চনা কৰে । ৰাজ্যপাল গৰাকীয়ে লগতে দেৱালয়ৰ গহ্বৰত থকা মূল শিৱ লিংগটো পূজা কৰে।ইয়াৰ পিছতে ৰাজ্যপাল গৰাকীক দেৱালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জ্ঞাপন কৰে । ৰাজ্যপাল গৰাকীয়ে এই শৈৱ শক্তি পিঠ খনলৈ আহি অভিভূত হৈ পৰে আৰু হিন্দুস্থানত ধৰ্মই মানুহৰ মাজত একাত্ম ভাব গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি জানিব দিয়ে । ৰাজ্যপাল গৰাকীক সংগ দিয়ে নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনে ।