এবছৰত বায়ু প্ৰদূষণৰ ফলত ভাৰতত ১,৬৯,৪০০ টি শিশুৰ মৃত্যু

63

বায়ু প্ৰদূষণৰ ফলত ২০২১ চনত বিশ্বজুৰি ৮১ লাখ লোকৰ মৃত্যু হয়। ভাৰত আৰু চীনত বায়ু প্ৰদূষণৰ ফলত ক্ৰমান্বয়ে ২১ লাখ আৰু ২৩ লাখ লোকৰ মৃত্যু হয় বুলি প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে। প্ৰতিবেদনখন ইউনিচেফৰ অংশীদাৰীত্বত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক স্বতন্ত্ৰ গৱেষণা প্ৰতিষ্ঠান হেল্থ ইফেক্টছ ইনষ্টিটিউট (এইচইআই)ৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। এই প্ৰতিবেদনত কোৱা হৈছে যে বায়ু প্ৰদূষণৰ ফলত ২০২১ চনত ভাৰতত পাঁচ বছৰৰ তলৰ ১,৬৯,৪০০ শিশুৰ মৃত্যু হয়। বায়ু প্ৰদূষণৰ ফলত নাইজেৰিয়াত ১,১৪,১০০ জন, পাকিস্তানত ৬৮,১০০ জন, ইথিওপিয়াত ৩১,১০০ জন আৰু বাংলাদেশত ১৯,১০০ জন লোকৰ মৃত্যু হয়। দক্ষিণ এছিয়াত বায়ু প্ৰদূষণ হৈছে মৃত্যুৰ মুখ্য কাৰণ বুলি প্ৰতিবেদনত কোৱা হৈছে। ইয়াৰ পিছত উচ্চ ৰক্তচাপ, আহাৰ আৰু ধপাত সেৱন মৃত্যুৰ মুখ্য কাৰণ বুলি উল্লেখ কৰিছে।