এদিনতে পাচঁখনকৈ উন্নয়ণমূলক কামৰ শুভ উদ্বোধন বিধায়ক ৰেকিবুদ্দিন আহমেদৰ

এদিনতে পাচঁখনকৈ উন্নয়ণমূলক কামৰ শুভ উদ্বোধন বিধায়ক ৰেকিবুদ্দিন আহমেদৰ


কামৰূপ জিলাৰ ছয়গাওঁ সমষ্টিৰ গৰৈমাৰী এলেকাত দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন আঁচনিৰ অধীনত পাচটাকৈ কামৰ শুভ উদ্বোধন ও শিলান্যাস কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে।

আজি বিধায়ক আহমেদে উপস্থিত হৈ প্ৰথমে পূৱ মহিমাৰী অঞ্চলৰ কৃষক ৰাইজৰ সহায়ক হোৱাকৈ কম্বাইন হাৰ্ভেষ্টৰ কাৰ্যসূচীৰ মুকলি কৰে। ইয়াত অতি কম খৰচত ৰাইজে ধানৰ উপৰিও অন্যান্য শস্য কটা আৰু মৰণা মৰা যন্ত্ৰ প্ৰায় ২৬ লাখ টকা মূল্যৰ ৯০ শতাংশ ৰেহাইৰে কৃষি বিভাগে বিতৰণ কৰে ।
লগতে শস্য কঢ়িওৱাৰ বাবে ট্ৰেক্টৰো বিতৰণ কৰে।

পিছত পঞ্চদহ বাৰ্ষিক পৰিকল্পনাৰ ২০২০-২১বৰ্ষৰ আঁচনিৰ দ্বাৰা উত্তৰ মাজোৰটোপ বালিকা প্ৰাথমিক বিদ্যালয় আৰু পশ্চিম মাজোৰটোপ অঙ্গনাবাদী কেন্দ্ৰ শৌচালয় নিৰ্মাণৰ লগতে মাজোৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাছেন আলীৰ ঘৰলৈ পকী পথ নিৰ্মাণৰ শিলান্যাস কৰে ।

আজিৰ এই কাৰ্য সূচীত বকো মহকুমা কৃষি বিষয়া চন্দ্ৰধৰ কলিতা,গৰৈমাৰী খণ্ড উন্নয়ণ বিষয়া তমেজ উদ্দিন , গৰৈমাৰী কৃষি বিষয়া আলোক মালী, গৰৈমাৰী ফাৰ্মাৰচ প্ৰডিউচাৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া কোৰবান মোল্লাৰ লগতে বহু সংখ্যক লোকে অংশ গ্ৰহণ কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *