এজাক বৰষুণে ধুই থৈ গ’ল দিল্লীক

43

এজাক বৰষুণে ধু্ই থৈ গ’ল দিল্লীক। ধূলিৰ ওৰণি গুচাই অৱশেত মূষলধাৰ বৰ্ষাই ধুৱাই নিলে দেশৰ ৰাজধানীক। বিগত কিছুদিন ধৰি প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে দহিছে দিল্লীবাসীক।এনে সময়তে শুকুৰবাৰে পুৱাই আহিল এজাক ধাৰাসাৰ বৰষুণ। অত দিনে যেন অপেক্ষা কৰি কৰি থকা বৰষুণজাকে প্ৰাণ দিলে দিল্লীৰ তৰু-তৃণকে ধৰি সৰ্বসাধাৰণক ! কাৰ্যতঃ স্বস্তিৰ নিশ্বাস এৰিছে দিল্লীবাসীয়ে।