শাওনৰ পথাৰত এজাক ৰোৱনী। গীতে মাতে ৰঙীন হল সোনগুটি পথাৰ। এজাক প্ৰাণ চঞ্চলা মহিলাৰ গীতে মাতে ৰঙীন হল ৰোৱনি পথাৰ। ঘন্টাৰ পিছত ঘন্টা ধৰি শালিধানৰ ৰোৱা ৰুইছে এই সকল মহিলাই। কিন্তু নাই দুখ ভাগৰ। এনে দুৰ্লভ দৃশ্য দেখা গৈছে নগাঁও জিলাৰ জাজৰিৰ ফুকনাঘাটত। গাঁওখনত ইঘৰে সিঘৰত যিকোনো কামতেই সহায় কৰাৰ এক পৰম্পৰা। সেয়ে গাঁওখনৰ সকলো মহিলাক দেখা গৈছে পথাৰত। ৰোৱা লগোৱাৰ মাজতে বিহু গীত গাই আনন্দত মতলীয়া হল এইসকল সৰলমনা মহিলাই। যিসময়ত অসমীয়া মানুহে কষ্ট কৰিব নোৱাৰে বুলি ৰাজ্যত চৰ্চা চলিছে , তেনেসময়তে জাজৰিৰ এইসকল মহিলাই প্ৰমাণ কৰিছে নিজকে কৰ্মঠ বুলি ।সেয়ে হয়তো কব পাৰি অসমত বৰ্তমান সময়ত লাচিতৰ তেজ নাথাকিলেও মুলা গাভৰুৰ তেজ কিন্তু এতিয়াও আছে।