এইবাৰ দেশত বাঘৰ চোৰাং চিকাৰৰ আশংকা৷ ৰেড এলাৰ্ট জাৰি ৱাইল্ড লাইফ ক্ৰাইম কন্ট্রোল ব্যুৰ’ৰ৷ সকলো ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালকলৈ নিৰ্দেশনা৷উল্লেখযোগ্য যে গুৱাহাটীত ১৬ কেজি বাঘৰ হাড়, ছাল উদ্ধাৰৰ পাছত তৎপৰ WCCB ৷ সকলো ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত পেট্ৰ’লিং বৃদ্ধিৰ নিৰ্দেশ৷ মন্দিৰ, ৰে’ল ষ্টেচন, বাছ আস্থান, পৰিত্যক্ত স্থানত চোকা দৃষ্টি ৰখাৰ নিৰ্দেশ৷ সন্দেহজনক চাল-চলন দেখিলে সংশ্লিষ্ট থানাৰ সৈতে যোগাযোগৰ নিৰ্দেশ৷ ৱাইল্ড লাইফ ক্ৰাইম কন্ট্রোল ব্যুৰ’ৰ অতিৰিক্ত সঞ্চালক এইচ ভি গিৰিশাৰ নিৰ্দেশ৷