উৰিয়ামঘাটত কুঁৱা খান্দোতে ওলাল তৰোৱাল ৷
উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত এজাৰগুৰী অঞ্চলৰ ৰাণানগৰ গাঁৱত এজন কৃষকে কুঁৱা খান্দি থকা অৱস্থাত এখন লোৰ তৰোৱাল উদ্ধাৰ হোৱা কাৰ্যই অঞ্চলবাসীৰ মনত যথেষ্ট উৎসুকতাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে , গাওঁখনৰ বাসিন্দা জগদীশ কুমাৰ(ৰঞ্জিত) ছেত্ৰী নামৰ কৃষক গৰাকীয়ে নিজৰ বাৰীৰ চৌহদত এটা পকী কুৱাঁ খান্দি থকা অৱস্থাত ২৯ মাৰ্চ তাৰিখে প্ৰায় ৩০ ফুট মান তলত তৰুৱাল সদৃশ লোহাৰ অস্ত্ৰ উদ্ধাৰ কৰে ৷ উক্ত তৰুৱাল সদৃশ লোৰ অস্ত্ৰবিধৰ ওজন প্ৰায় ২কিলো পৰিমানৰ আৰু প্ৰায় ২ ফুট মান দীঘল হ’ব ৷উল্লেখ্য যে উক্ত তৰুৱাল সদৃশ লো উদ্ধাৰ হোৱা কাৰ্যৰ যোগেদি দৈয়াং নদীৰ পাৰ্শ্ব্ৱ্তী এই অঞ্চলটোত পুৰণি দিনত ৰজা মহাৰজাসকলে ৰাজত্ব কৰিছিল বুলি অনুমান কৰিব পাৰি বুলি সচেতন মহলে মত প্ৰকাশ কৰে। ইতিমধ্যে ধনশিৰি মহকুমাৰ দুৱৰণি, টেঙানী, নগাজৰী আদি ঠাইত ৰজাদিনীয়া বহু পুৰণি সম্বল উদ্ধাৰ হৈছে ৷
