উত্তৰ প্ৰদেশৰ সম্ভলত হিংসাত্মক পৰিস্থিতি

উত্তৰ প্ৰদেশৰ সম্ভলত হিংসাত্মক পৰিস্থিতি । প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষত ইতিমধ্যে ৩ লোকে প্ৰাণ হেৰুৱাইছে । কেৱল এয়াই নহয় নিৰাপত্তা বাহিনী আৰু প্ৰশাসনৰ বহু লোকো আহত হৈছে । এনে পৰিস্থিতিত কঠোৰ হৈছে সম্ভল প্ৰশাসন । জিলা প্ৰশাসনে সম্ভলত ৩০ নৱেম্বৰলৈকে বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে । দেওবাৰে জিলা দণ্ডাধীশ ৰাজেন্দ্ৰ পেনচিয়াই কয় যে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ৰ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হৈছে ।বিগত ১৯ নৱেম্বৰৰ পৰাই সম্ভলত উত্তেজনা অব্যাহত আছিল । জামা মছজিদৰ স্থানত হৰিহৰ মন্দিৰ থকাৰ দাবীৰে কৰা এক আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে প্ৰথমবাৰৰ বাবে জামা মছজিদৰ জৰীপৰ নিৰ্দেশ দিছিল । সেই নিৰ্দেশৰ পিছতে উত্তেজনা তীব্ৰতৰ হৈ পৰে । প্ৰতিবাদকাৰীসকলে বাহন জ্বলাই দিছিল আৰু আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছিল । নিৰাপত্তাকৰ্মীসকলে ক্ষোভিত লোকক ছত্ৰভঙ্গ দিবলৈ কন্দুৱা গেছ আৰু লাঠিচালনা কৰিছিল ।আৰক্ষীয়ে জনোৱা মতে দুগৰাকী মহিলাসহ ২১ গৰাকী লোকক আটক কৰা হৈছে আৰু তদন্ত আৰম্ভ কৰা হৈছে ।হিংসাত্মক ঘটনাৰ পিছতে সম্ভল তহচিলত ২৪ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা স্থগিত ৰখা হয় আৰু জিলা প্ৰশাসনে সোমবাৰে সকলো বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *