অৰুনাচল প্ৰদেশৰ বিভিন্ন স্থানৰ লগতে লিকাবালিত মনিপুৰৰ নাৰী নিৰ্যাতন কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। বিশাল সমদল।
বৃহস্পতিবাৰে চিলাপথাৰৰ গাতে লাগি থকা অৰুনাচল প্ৰদেশৰ লিকাবালিত মনিপুৰৰ ভয়ংকৰ নাৰী নিৰ্যাতন ঘটনাৰ প্ৰতিবাদ আৰু শান্তি প্ৰতিষ্ঠাৰ দাবীত ওলাই আহিল সহস্ৰাধিক
ৰাইজ।
মানৱতাৰ ভূলুন্ঠিত কৰি অৱলা নাৰীৰ ওপৰত চলোৱা চৰম নিৰ্যাতনৰ প্ৰতিবাদত ক্ৰমে _ গা’ল য়ুথ অৰ্গেনাজিশ্বন, উইমেন ৱেল ফেয়াৰ চ’ছাইটি, নামনি চিয়াং জিলা ছাত্ৰ সন্থা,,ম’গ ব’গ ৱেলফাৰ ছোচাইটি, আদি বিভিন্ন সংগঠনৰ উদ্যোগত অনুষ্ঠিত হল এই প্ৰতিবাদী কাৰ্যসূচী।
লিকাবালিৰ সীমান্তৰ পৰা সমদল উলিয়াই ” নাৰী নিৰ্যাতনকাৰীক ফাঁচী দিয়ক,নাৰীক ন্যায় প্ৰদান কৰক,গোষ্ঠী সংঘৰ্ষ নচলিব,নাৰী নিৰ্যাতন বন্ধ কৰক” আদি শ্লগানে নিনাদিত কৰিলে পাহাৰ ভৈয়াম।
ইয়াৰ পিছতে অনুষ্ঠিত কৰে এক প্ৰতিবাদী সভা। অশান্ত জৰ্জৰ মনিপুৰত নাৰীৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে একেমুখে ধিক্কাৰ দিয়াৰ লগতে শান্তি প্ৰতিষ্ঠাৰ দাৱীত মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ কেন্দ্ৰীয় চৰকাৰৰক আহ্বান জনালে প্ৰতিবাদী ৰাইজে।