অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন

40

অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন। অসম অৰুণাচল সীমান্তৱৰ্তী নাওবৈচাত ৰঙা সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বাবে সাজু।
শতাধিক সেনা বাহিনী,আৰক্ষী,বন সুৰক্ষা বাহিনী সাজু হৈ উঠিছে।লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ফুলবাৰী সমীপৱৰ্তী ৰামপুৰত যুদ্ধং দেহি পৰিৱেশ।ৰামপুৰত অৰুণাচলীয়ে দখল কৰিছে অসমৰ ভূমি।দা,যাঠি,বন্দুকেৰে মৃত্যুৰ ভাবুকি দি আহিছে অৰুণাচলীয়ে বন বিভাগক।অৰুণাচলীৰ ভাবুকীত ত্ৰস্তামান বন বিভাগ।আজি বিয়লী উচ্চেদ অভিযান চলাব প্ৰশাসনে,তাৰ বাবেই সাজু হৈ উঠিছে সেনা,আৰক্ষী।