অসম যুৱ অলিম্পিক ২০২২চনত মৰিগাঁও জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰাৰ্থ প্ৰতিম ৰায়

অসম যুৱ অলিম্পিক ২০২২চনত মৰিগাঁও জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰাৰ্থ প্ৰতিম ৰায়


অসম যুৱ অলিম্পিক(২০২২) কাৰাটেৰ -৬১ কে.জি শাখাত মৰিগাঁও জিলা পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ অন্তৰ্গত ৰজাগাও নিবাসী শ্ৰী সুনিল ৰায় আৰু শ্ৰীমতী লোনা দেৱীৰ সুযোগ্য সন্তান শ্ৰী পাৰ্থ প্ৰতিম ৰায়ে সোণৰ পদক অৰ্জন কৰি অঞ্চলবাসীৰ লগতে সমগ্ৰ মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে । পাৰ্থ প্ৰতিম ৰায় ক্ৰীড়া ক্ষেত্ৰত আগুৱাই যাবলৈ আৰু সহায় কৰিৱ‌ লাগে বুলি চৰকাৰলৈ অনুৰোধ জনায়।
উক্ত প্ৰতিভাৱান খেলুৱৈ গৰাকীয়ে মৰিগাঁও জিলাৰখনলৈ সোণৰ পদকেৰে গৌৰৱ কঢ়িয়াই অনা বাবে মৰিগাঁও জিলাৰ ক্ৰীড়া সন্থাৰ লগতে মৰিগাঁও সকলো দল সংগঠন লগতে মৰিগাঁও জিলাৰ পৌৰসভাৰ উপপৌৰপতি পিংকু দাসে খেলুৱৈ গৰাকী উস্ম আদৰণি লগতে শুভেচ্ছা জনায়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *