জুবিন গাৰ্গৰ কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ল জুবিনৰ চিতাভস্ম । ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে এই কাৰ্য সম্পন্ন কৰা হয় । ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ অস্থি বিসৰ্জন দি চকুলো টুকিছে পত্নী গৰিমা শইকীয়া গাৰ্গে ।গুৱাহাটীৰ লাচিত ঘাটত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বক্ষত চিতাভস্ম বিসৰ্জন দিয়া হয় । পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰৰ লগতে জুবলী বৰুৱা, পাৰ্থসাৰথি মহন্ত, জুবিনৰ বাদ্যযন্ত্ৰীৰ লগতে আত্মীয়সকল উপস্থিত থাকে । সমান্তৰালকৈ যোৰহাটতো মহাবাহু ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ ছিটা ভস্ম বিসৰ্জন। গুৱাহাটীৰ লগতে আজি যোৰহাটতো জুবিন গাৰ্গৰ ছিটা ভস্ম ব্ৰহ্মপুত্ৰ নদীত বিসৰ্জন দিয়া হয়। জিলা প্ৰশাসনৰ উদ্যোগত আৰু জুবিনৰ আত্মীয় আৰু শুভাকাংক্ষী সকলে ভাগ লয়। জুবিন গাৰ্গৰ লগত থকা অৰুণ গাৰ্গ আৰু জুবিন গাৰ্গৰ এগৰাকী পেহীয়েকে অংশগ্ৰহণ কৰে।জীৱিত কালত বিভিন্ন বাৰ্তালাপত জুবিন গাৰ্গে প্ৰায়ে কৈছিল যে তেওঁক যাতে মৃত্যুৰ পাছত মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হয় ৷ তেওঁৰ কথা মতেই আজি তেওঁৰ ইচ্ছা পূৰণ কৰিলে পত্নীৰ লগতে আত্মীয়স্বজন আৰু গুণমুগ্ধই ৷
জুবিন গাৰ্গৰ কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ল জুবিনৰ চিতাভস্ম
