কমাৰবন্ধাত চলন্ত ৰে’লৰ পৰা পৰি যুৱতীৰ কৰুণ মৃত্যু; উদ্ধাৰ হোৱা নাই মৃতদেহৰ পৰিচয়

উজনিমুৱা বিবেক এক্সপ্ৰেছৰ পৰা পৰি সোমবাৰে কমাৰবন্ধাত এগৰাকী যুৱতীৰ কৰুণ মৃত্যু ঘটে। কন্যাকুমাৰীৰ পৰা ডিব্ৰুগড় অভিমুখী ট্ৰেনখন কমাৰবন্ধা আলি ষ্টেচন পাৰ হোৱাৰ মুহূৰ্ততে এই শোকাৱহ ঘটনাটো সংঘটিত হয়। ফৰকাটিং ষ্টেচনত ক্ষন্তেক সময় ৰোৱাৰ পাছত ডিব্ৰুগড় অভিমুখে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাতে হঠাতে ৰে’লখনৰ পৰা যুৱতীগৰাকী তলত পৰি যায়।

অৱশ্যে যুৱতীগৰাকী দুৰ্ঘটনাবশতঃ চলন্ত ট্ৰেনৰ পৰা পৰি গৈছে নে ইয়াৰ আঁৰত অন্য কিবা ৰহস্য লুকাই আছে, সেইয়া বৰ্তমানো স্পষ্ট হোৱা নাই। ৰে’ল আৰক্ষীয়ে ঘটনাটোৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে মৃত্যু হোৱা যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই। আৰক্ষীয়ে জনোৱা মতে, মৃত যুৱতীগৰাকীৰ পিন্ধনত বগা পেন্ট, বগা চুৱেটাৰ আৰু এটা পাতল সেউজীয়া ৰঙৰ টি-ছাৰ্ট আছে। ইয়াৰ উপৰি তেওঁৰ ডিঙিত ৰঙা সূতাৰে এটা তাবিজ পিন্ধি থকা দেখা গৈছে।

বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে। আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰিচয় নিশ্চিত কৰিবলৈ চুবুৰীয়া জিলাসমূহৰ লগতে ৰে’ল কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে। চলন্ত ৰে’লৰ পৰা পৰি হোৱা এই অকাল মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *