বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত মল্লযুঁজাৰু অন্তিম পাংগালৰ ব্ৰঞ্জৰ পদক

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত বৃহস্পতিবাৰে ভাৰতীয় মহিলা মল্লযুঁজাৰু অন্তিম পাংগালে মহিলাৰ ৫৩ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।ছুইডেনৰ ২৩ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়ন এমা জ’না ডেনিছ মালমগ্ৰেনক ৯-১ ত পৰাস্ত কৰি এই প্ৰতিযোগিতাত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ পদক লাভ কৰে।

এইটো অন্তিমৰ দ্বিতীয়টো বিশ্ব চেম্পিয়নশ্বিপ পদক। ইয়াৰ পূৰ্বে ২০২৩ চনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল যদিও ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ প্ৰথম ৰাউণ্ডত বাহিৰ হৈছিল। এইবাৰৰ এই পদকটোৱে কেৱল উল্লেখযোগ্য প্ৰত্যাৱৰ্তনৰ সূচনা কৰাই নহয় ভাৰতীয় মল্লযুঁজত তেওঁৰ শক্তিশালী স্থিতিও প্ৰমাণ কৰে। অন্তিম পাংঘলে বিনেশ ফ’গাটৰ পিছত দ্বিতীয়গৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হয়, যিয়ে বিশ্ব চেম্পিয়নশ্বিপত এটাতকৈ অধিক পদক লাভ কৰে।

আন ভাৰতীয় মহিলা মল্লযুঁজাৰু, যেনে- অলকা তোমাৰ, গীতা ফ’গাট, ববিতা ফ’গাট, পূজা ধনদা, সৰিতা মোৰ, আৰু অংশু মালিকৰ হাতত মাত্ৰ এটাকৈ বিশ্ব চেম্পিয়নশ্বিপৰ পদক আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *