জালুকবাৰীত নোযোৱাকৈয়ে মই এক লাখ ভোটত জিকিমঃ মাজুলীৰ পৰা দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড. হিমন্ত বিশ্ব শর্মা মাজুলীতে এক লাখ ভোটৰ ব্যৱধানত জিকাৰ আশ্বাস দি বিজেপিক ভোট দিবলৈ আহ্বান জনাইছেন। তেওঁ বিভিন্ন উন্নয়ন প্রকল্পৰ উদ্ধোধন কৰি মাজুলীক বিকশিত এলাকা গঢ়িবলৈ বিজেপি বিধায়কক বিপুল ভোটত জয়ী কৰাৰ প্ৰয়োজনীয়তা উল্লেখ কৰে। মহিলাৰ উদ্যোগিতা আঁচনিৰ চেক বিতৰণৰ লগতে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শৈক্ষিক ভবন আৰু যোৰহাট-মাজুলী সংযোগী দলঙৰ কামৰ শুভাৰম্ভ ঘোষণা কৰে। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মেধাৰ ভিত্তিত নিয়োগৰ সুবিধা উল্লেখ কৰি “নিযুত বাবু” আঁচনিৰ চালনা আৰু মহিলালৈ “লাখপতি বাইদেউ” গঢ়াৰ লক্ষ্য প্ৰকাশ কৰে। মাজুলীৰ উদ্যোগসমূহ যেনে মাজুলী-যোৰহাট সংযোগী দলঙৰ কামৰ পৰা অঞ্চলৰ যাতায়ত আৰু অৰ্থনীতিৰ উন্নয়ন ঘটাৰ আশা কৰে। মুখ্যমন্ত্রী নিৰ্বাচনী প্ৰস্তুতিৰ এক শক্তিশালী বার্তা দি ৰাইজক চৰকাৰৰ উন্নয়মূলক কাৰ্যৰ বিষয়ে জানিবলৈ আহ্বান জনাইছেন।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *