মিঞাক কষ্ট দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মুকলি আহ্বানৰ পাছতে এতিয়া দেশৰ ৰাজনীতিত সূত্ৰপাত ঘটিছে এক নতুন বিতৰ্কৰ। দেশৰ সংবিধানৰ শপত লৈ মুখ্যমন্ত্ৰীৰ দৰে আসনত অধিষ্ঠিত হৈও এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লৈ তেওঁ বাৰে বাৰে কৰা মন্তব্যক লৈ এতিয়া জাঙুৰ খাই উঠিছে বিৰোধী দলসমূহ। এনে পৰিপ্ৰেক্ষিততে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইচিয়েও অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰি ২ টকা ভিক্ষা দিয়াৰ ঘোষণা কৰে।
ওৱাইচিয়ে কয় যে ধৰ্ম বা সম্প্ৰদায় নিৰ্বিশেষে সকলো নাগৰিক সমান আৰু কোনো মুখ্যমন্ত্ৰীৰে কাকো লক্ষ্য কৰি লোৱাৰ অধিকাৰ নাই। অসমত বঙালী ভাষী মুছলমানসকলক প্ৰতিটো সমস্যাৰ বাবে বলিৰ পঠা সজোৱা হয় বুলি উল্লেখ কৰি তেওঁ কয়, “শাক-পাচলিৰ দাম বাঢ়িলেও মিঞা মুছলমানক দোষাৰোপ কৰা হয় আৰু কোনেও ভোট দিব বিচাৰিলে তেওঁলোকক বাংলাদেশলৈ যাবলৈ কোৱা হয়।” চৰকাৰী শাসনক ভাবুকিৰ পৰ্যায়লৈ নমাই নিয়াৰ এনে কাৰ্যই দেশৰ গণতান্ত্ৰিক গাঁথনিৰ বাবে বিপদ মাতি আনিব বুলি তেওঁ সতৰ্ক কৰি দিয়ে।
শেহতীয়াকৈ মুখ্যমন্ত্ৰী শৰ্মাই মিঞা মুছলমানৰ বিৰুদ্ধে মুকলি স্থিতি গ্ৰহণ কৰি কৈছিল, “যিকোনো উপায়েৰে মিঞা মুছলমানক সমস্যাত পেলাওক। যদি তেওঁলোকে সমস্যাৰ সন্মুখীন হয়, তেন্তে তেওঁলোক অসমৰ পৰা গুচি যাব।” মুখ্যমন্ত্ৰীৰ এই পোনপটীয়া আক্ৰমণৰ পাছতে এতিয়া দেশৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিৰোধী দলসমূহ ইয়াৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে।
বিজেপিয়ে অৱশ্যে নিজৰ স্থিতিত অটল থাকি অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুঁজ দিয়া আৰু খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ কথা দোহাৰিছে। ওৱাইচিয়ে পুনৰ দাবী কৰে যে নিৰ্বাচনৰ পূৰ্বে এনে বিতৰ্কিত মন্তব্যই সমাজত বিভাজন অধিক গভীৰ কৰি তুলিব।
