কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাস! এইবাৰ বনৰীয়া হাতীৰ গছকত মহিলাৰ মৃত্যু

বন্য হস্তীৰ ধাৰাবাহিক আক্ৰমণে কলিয়াবৰত সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ। হাতী-মানুহৰ চৰম সংঘাতৰ বলি হৈ অঞ্চলটোত প্ৰতিদিনেই সাধাৰণ জনতাই নিজৰ প্ৰাণৰ সুৰক্ষাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। সোমবাৰে পুনৰ এটা উন্মত্ত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ উত্তেজনা আৰু ক্ষোভৰ সৃষ্টি কৰিছে।

মৰ্মান্তিক ঘটনাটোত প্ৰাণ হেৰুওৱা মহিলাগৰাকীক মীনা বৰা বুলি চিনাক্ত কৰা হৈছে। নিজৰ ঘৰৰ চোতালত হঠাতে হাতীটো প্ৰত্যক্ষ কৰি মীনা বৰাই প্ৰাণৰ মমতাত পলাবলৈ চেষ্টা কৰিছিল যদিও বন্য হস্তীটোৱে তেওঁক খেদি খেদি গচকি হত্যা কৰে। এই শোকাৱহ কাণ্ডৰ পাছতে মন্ত্ৰী কেশৱ মহন্তই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক হাতীটোক অতি সোনকালে ট্ৰেনকুইলাইজ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লবলৈ আহ্বান জনায়।

প্ৰাপ্ত তথ্য অনুসৰি, এইটো সেইটোৱে ঘাতক হাতী যিয়ে যোৱা তিনিদিন পূৰ্বে কৰ্তব্যৰত অৱস্থাত এজন বনৰক্ষীকে ধৰি ইতিমধ্যে চাৰিজনতকৈ অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে। বন্য হস্তীৰ এনে ধাৰাবাহিক আক্ৰমণে কলিয়াবৰৰ গাঁওবাসীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। দীৰ্ঘদিন ধৰি চলি থকা হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগৰ ভূমিকাক লৈ এতিয়া স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

বৰ্তমান বন বিভাগে হাতীটোক কৰায়ত্ত কৰাৰ বাবে বিশেষ অভিযান আৰম্ভ কৰিছে যদিও এতিয়াও অঞ্চলটোত চৰম আতংকই বিৰাজ কৰিছে। ক্ষুব্ধ গাঁওবাসীয়ে এই সমস্যাৰ এক স্থায়ী সমাধান বিচাৰি চৰকাৰক কঠোৰ ব্যৱস্থা লবলৈ দাবী জনাইছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *