শিশুয়ে মাটি খোৱা অভ্যাস আঁতৰাবলৈ কৰিব লগা কাম

সৰুতে অধিকাংশ শিশুয়েই কেতবোৰ বেয়া অভ্যাসৰ চিকাৰ হয়। পিতৃ-মাতৃৰ কঠোৰ প্ৰচেষ্টাৰ পাছতো তেওঁলোকে এই অভ্যাসবোৰ ত্যাগ কৰাৰ নাম নলয়।শিশু এনে এক অতি স্বাভাৱিক বেয়া অভ্যাস হৈছে মাটি খোৱা।মাটি খোৱাৰ ফলত শিশুৰ শৰীৰত বেক্টেৰিয়া সংক্ৰমণৰ লগতে পেটৰ গুৰুতৰ সমস্যা হ’ব পাৰে।

যদি আপোনাৰ সন্তানেও মাটি খায়, তেন্তে কিছুমান বিশেষ পদ্ধতি গ্ৰহণ কৰি আপুনি এই অভ্যাসৰ পৰা তেওঁলোকক হাত সৰাব পাৰে। আজি সেই বিষয়ে জানো আহক-এই অভ্যাসৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি আপোনাৰ সন্তানক মৌ আৰু কল খুওৱা আৰম্ভ কৰক। এনে কৰাৰ ফলত শিশুৱে খুব সোনকালে মাটি খোৱা বন্ধ কৰিব।লঙৰ পানী খুৱালে শিশুৰ মাটি খোৱাৰ আসক্তি কমি যায়।

ইয়াৰ বাবে ৬-৭ টা লং গুৰি কৰি এক গিলাচ পানীত মিহলাই, তাৰ পাছত উতলাই ঠাণ্ডা কৰি ৰাখিব। দিনত সময়ে সময়ে তেওঁলোকক এক চামুচকৈ খাবলৈ দিব।সৰু ল’ৰা ছোৱালীবোৰে প্ৰায়ে তেওঁলোকৰ মুক্ত সময়ত মাটি খোৱা আৰম্ভ কৰে। সেয়েহে, তেওঁলোকক ব্যস্ত কৰি ৰাখিব লাগে। ইয়াৰ দ্বাৰা তেওঁলোকে লাহে লাহে মাটিৰ সৈতে খেলা অভ্যাস ত্যাগ কৰিব।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *