ইৰাণৰ ধাৰাসাৰ মিছাইল আক্ৰমণত কঁপি উঠিছে ইজৰাইল । ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰাৰ পাছতে মিছাইল আক্ৰমণৰে প্ৰত্যুত্তৰ দিয়ে ইৰাণে । শনিবাৰে ওৰেটো নিশা ইজৰাইলত শুনা গ’ল বায়ুসেনাৰ চাইৰেণ আৰু বিস্ফোৰণৰ শব্দ । শনিবাৰে পুৱাই নিবাসীসকলক বাংকাৰত আশ্ৰয় ল’বলৈ আহ্বান জনোৱা হয় ।ইৰাণে শেহতীয়া ১৫০তকৈ অধিক মিছাইলৰে আক্ৰমণ কৰিছে আৰু ইয়াৰে কিছুসংখক নিস্ক্ৰিয় কৰা হৈছে ।ইজৰাইলৰ অগ্নিনিৰ্বাপক বাহিনীয়ে কয় যে তেওঁলোকৰ দলে মিছাইল আক্ৰমণৰ পৰিণামৰ মোকাবিলা কৰিবলগীয়া হৈছিল । তেওঁলোকে এটা ওখ অট্টালিকাত আবদ্ধ লোকসকলক উদ্ধাৰ কৰিছিল । একাংশ কৰ্মীয়ে কয় যে এই ঘটনাত ৩৪ গৰাকী লোক আঘাতপ্ৰাপ্ত হয়, ইয়াৰ মাজত এগৰাকী মহিলাও আছিল ।উল্লেখ্য যে শুকুৰবাৰে পুৱা ইৰাণৰ ৰাজধানীত আক্ৰমণ চলাইছিল ইজৰাইলে । ১৯৮০ চনত ইৰাকৰ সৈতে হোৱা যুদ্ধৰ পিছত ইৰাণে সন্মুখীন হোৱা এয়া আটাইতকৈ ভয়ংকৰ আক্ৰমণ হিচাপে চৰ্চা চলিছিল ।দুই দেশৰ এই সংঘাতে বিশ্ব ৰাজনীতিতো জোকাৰণি তুলিছে। আন এক যুদ্ধৰ সম্ভাৱনাই বিশ্ব নেতৃত্বক শংকিত কৰি তুলিছে। লক্ষণীয়ভাৱে ইৰাণ আৰু ইজৰাইলৰ মাজত এই সংঘাতৰ বাবে জম্মু-কাশ্মীৰৰ কিছু অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে। কাশ্মীৰৰ ছিয়া জনবসতিপূৰ্ণ অঞ্চলত জাৰি কৰা হৈছে এই হাই এলাৰ্ট। ইৰাণ আৰু ইজৰাইল সংঘাতৰ পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰত নিয়োজিত নিৰাপত্তা সংস্থাসমূহো সষ্টম হৈ উঠিছে।
পুনৰ যুদ্ধৰ দামামা
