ইৰাণৰ শাসকীয় ধৰ্মগুৰুসকলে দেওবাৰে আমেৰিকা আৰু ইজৰাইলৰ ভাবুকিক আওকাণ কৰি প্ৰয়াত আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মোজতাবা আলী খামেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়ে । ইৰাণৰ প্ৰেছ টিভিয়ে এক্সত পোষ্ট কৰি এই কথা প্ৰকাশ কৰিছে । পোষ্টটোত কোৱা হৈছে, “ইৰাণৰ বিশেষজ্ঞ বিধানসভাই আয়াতুল্লাহ ছায়েদ মোজতাবা খামেইনীক ইছলামিক ৰিপাব্লিকৰ নতুন নেতা হিচাপে নিযুক্তি দিছে ।”মুজতাবা আলী খামেইনী আয়াতুল্লাহ আলী খামেইনীৰ দ্বিতীয় পুত্ৰ । খবৰ অনুসৰি ইৰাণৰ বিশেষজ্ঞ বিধানসভাই ইৰাণীসকলক ঐক্য বজাই ৰাখিবলৈ আৰু মুজতাবা খামেইনীৰ সৈতে থিয় দিবলৈ আহ্বান জনাইছে ।
প্ৰয়াত আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মোজতাবা আলী খামেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়ে
