আফগানিস্তানে পাকিস্তানত আক্ৰমণ কৰে

শনিবাৰে নিশা আফগানিস্তানে পাকিস্তানত আক্ৰমণ কৰে। তিনি ঘণ্টীয়া অভিযানত আফগান সেনাই হেলমাণ্ডৰ বাহৰামচাৰ শ্বাকিজ, বিবি জানি, আৰু ছালেহানু অঞ্চলত অভিযান চলায়। শনিবাৰে মাজনিশা আফগানিস্তানে ডুৰাণ্ড লাইনৰ সমীপৰ কেইবাটাও পাকিস্তানী সীমান্ত চকীত গোলাবৰ্ষণ কৰে। ডুৰাণ্ড লাইনত সংঘটিত হোৱা এই সংঘৰ্ষৰ পিছত এতিয়া পাকিস্তান আৰু আফগানিস্তানৰ পৰিস্থিতি অত্যন্ত উত্তেজিত হৈ আছে।
কাবুলত হোৱা বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে আফগানিস্তানে ডুৰাণ্ড লাইনৰ সমীপত পাকিস্তানৰ ঘাটিৰ ওপৰত তীব্ৰ প্ৰতিহত আক্ৰমণ আৰম্ভ কৰে। এই আক্ৰমণত ১৫জন পাকিস্তানী সৈন্য নিহত হয় আৰু আফগান সেনাই তিনিটা ঘাটি দখল কৰে। বৰ্তমান দুয়োখন দেশৰ মাজত উত্তেজনা উচ্চ পৰ্যায়ত উপনীত হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *