ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি আৰম্ভ

ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি আৰম্ভ হোৱাৰ লগে লগে নিজৰ ঘৰখনৰ সন্ধানত হাজাৰ হাজাৰ লোক গাজালৈ ৰাওনা হৈছে ।ইজৰাইল আৰু হামাছৰ প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতিৰ লগে লগে গাজাত স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ আৰম্ভ কৰিছে । দুবছৰ ধৰি চলা যুদ্ধৰ ফলত গৃহহীন লোকসকলে এতিয়া লাহে লাহে নিজৰ ঘৰখনলৈ যাবলৈ আৰম্ভ কৰিছে । শুকুৰবাৰে হাজাৰ হাজাৰ পেলেষ্টাইনী লোকে প্ৰায় ধ্বংসস্তূপত পৰিণত উত্তৰ গাজা ষ্ট্ৰিপলৈ উভতি গৈছে । ইজৰাইলে বন্দী কৰি ৰখা লোকসকলকো কিছুদিনৰ ভিতৰতে মুকলি দিয়াৰ কথা আছে ।একেদৰে যুদ্ধবিৰতি চুক্তি অনুসৰি ইজৰাইলৰ সেনা ক্ৰমান্বয়ে পিছুৱাই যোৱাৰ লগে লগে গাজাক কোনে শাসন কৰিব আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ যুদ্ধবিৰতি পৰিকল্পনাত আহ্বান জনোৱা অনুসৰি হামাছে অস্ত্ৰ বৰ্জন কৰিব নেকি সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈ আছে । মাৰ্চ মাহত একপক্ষীয়ভাৱে যুদ্ধবিৰতিৰ অন্ত পেলোৱা প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইংগিত দিছে যে হামাছে অস্ত্ৰ-শস্ত্ৰ এৰি নিদিলে ইজৰাইলে পুনৰ আক্ৰমণ আৰম্ভ কৰিব পাৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *