তিনিওটা ক্ৰিকেট ফৰ্মেটত ২৮ হাজাৰ সম্পূৰ্ণ বিৰাট কোহলীৰ

বিৰাট কোহলিৰ ৯৩ ৰানৰ সহায়ত ভাৰতে নিউজিলেণ্ডক প্ৰথমখন এদিনীয়াত ৪ উইকেটত পৰাস্ত কৰে। দেওবাৰে বদোদৰাত নিউজিলেণ্ডে ৩০০ ৰান সংগ্ৰহ কৰে। এদিনীয়া মেচত ৩০০ প্লাছ টাৰ্গেট অনুসৰণ কৰি ভাৰতে ২০ সংখ্যক বাৰৰ বাবে জয় লাভ কৰে। কোহলীয়ে তিনিওটা ক্ৰিকেট ফৰ্মেটত ২৮ হাজাৰ ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়।বিৰাট কোহলীয়ে একেৰাহে পঞ্চমবাৰৰ বাবে এদিনীয়াত ৫০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰে।

অক্টোবৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাৰ প্ৰথম দুখন মেচতো তেওঁ নিজৰ একাউণ্ট খুলিব পৰা নাছিল যদিও তৃতীয়খন মেচত অৰ্ধশতক অৰ্জন কৰিছিল। তাৰ পিছত তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুটা শতক আৰু এটা অৰ্ধশতক অৰ্জন কৰে। এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে ৯৩ ৰান সংগ্ৰহ কৰি তেওঁ একেৰাহে পঞ্চমখন এদিনীয়াত ৫০ৰো অধিক ৰান সংগ্ৰহ কৰে। পঞ্চমবাৰৰ বাবেবিৰাটে এদিনীয়াত একেৰাহে ৫ ইনিংছত ৫০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰে। এই অভিলেখত তেওঁ শীৰ্ষস্থান দখল কৰিছে।

তেওঁৰ পিছতে দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি কক, নিউজিলেণ্ডৰ কেন উইলিয়ামছন আৰু পাকিস্তানৰ বাবাৰ আজমে দুবাৰকৈ অৰ্জন কৰিছে।ইনিংছত ৪২ সংখ্যক ৰান সংগ্ৰহ কৰাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় বিৰাট কোহলী। তেওঁ ২৮,০১৬ ৰান সংগ্ৰহ কৰি শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰাৰ অভিলেখ ভংগ কৰে। বৰ্তমান কোহলীৰ হাতত আছে ২৮,০৬৮ ৰান। ৩৪,৩৫৭ ৰান সংগ্ৰহ কৰি শীৰ্ষ স্থানত আছে ভাৰতৰ শচীন টেণ্ডুলকাৰ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *