ৰাষ্ট্ৰীয় শিশু বঁটাৰে সন্মানিত বৈভৱ সূৰ্যবংশী

ভাৰতীয় ক্ৰিকেট জগতৰ উদীয়মান তাৰকা বেটছমেন বৈভৱ সূৰ্যবংশীক দিল্লীত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু বঁটা প্ৰদান কৰে। মাত্ৰ ১৪ বছৰ বয়সতে ক্ৰিকেট খেলপথাৰত বৈভৱৰ প্ৰদৰ্শন বিৰল। কেৱল ভাৰততে নহয় বিদেশতো বেটিং কৰি তেওঁ সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। বৈভৱৰ ব্যতিক্ৰমী প্ৰতিভাৰ স্বীকৃতি স্বৰূপে তেওঁক এই বঁটাৰে সন্মানিত কৰা হয়।

মাত্ৰ ১৪ বছৰ বয়সতে তেওঁ ইতিমধ্যে টি-২০ ফৰ্মেটত ৩টা শতক অৰ্জন কৰিছে, যিটো কৃতিত্ব বিশ্বৰ আন কোনো খেলুৱৈৰ তুলনাত নাই। বৈভৱ আই পি এল ২০২৫ত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে পৰিগণিত হয় আৰু বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে। ২০২৫-২৬ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীৰ প্ৰথম লীগ পৰ্যায়ত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ১৯০ ৰান সংগ্ৰহ কৰি লিষ্ট এ ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰে।

লিষ্ট এ ক্ৰিকেটত তেওঁৰ সৰ্বাধিক স্ক’ৰ ইনিংচো আছিল। ৮৪টা বলত এই ৰান সংগ্ৰহ কৰি ১৫টা ছয় আৰু ১৬টা ফোৰ মাৰিছিল। মেচখনৰ পিছত তেওঁ বঁটা লাভ কৰিবলৈ দিল্লীলৈ যাবলগীয়া হৈছিল, আৰু সেয়েহে মণিপুৰৰ বিৰুদ্ধে খেলখন খেলিব নোৱাৰিলে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *