ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰি পাকিস্তানৰে চুক্তি সাক্ষৰ আমেৰিকাৰ

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক ঘোষণা কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পাছতে পাকিস্তানৰ সৈতে তেঁওলোকৰ তেলৰ ভাণ্ডাৰ বিকাশৰ বাবে চুক্তি সম্পূৰ্ণ কৰে। ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে যে আমেৰিকাই  পাকিস্তানৰ সৈতে চুক্তি সম্পূৰ্ণ কৰিছে। ইয়াৰ অধীনত দুয়োখন দেশে মিলি পাকিস্তানৰ বৃহৎ তেলৰ মজুত প্ৰক্ৰিয়া গঢ়ি তুলিব। এই চুক্তিৰ সন্দৰ্ভত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ইনষ্টাগ্ৰামত লিখিছে-আমেৰিকা-পাকিস্তানৰ ঐতিহাসিক বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ ক্ষেত্ৰত নেতৃত্বৰ ভূমিকা লোৱাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক মই সম্পূৰ্ণ হৃদয়েৰে ধন্যবাদ জনাইছো।

বুধবাৰে ভাৰতৰ সৈতে চলি থকা বাণিজ্যিক চুক্তিৰ আলোচনাৰ সময়ত ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক ঘোষণা কৰিছিল। তেওঁ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতক পেনাল্টি আৰোপ কৰাৰ কথাও কয়। ইয়াৰ পিছত ইৰাণৰ পৰা তেল ক্ৰয় কৰা ভাৰতীয় একাংশ কোম্পানীত নিষেধাজ্ঞা আৰোপ কৰা হয়। উল্লেখ্য যে যোৱা কিছুদিনমানৰ পৰা পাকিস্তান আৰু আমেৰিকাৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে পাকিস্তান সেনা প্ৰধান জেনেৰেল অসীম মুনিৰক হোয়াইট হাউছলৈ আমন্ত্ৰণ কৰিছিল।

একে সময়ছোৱাতে পাকিস্তান ক্ৰিপ্টো কাউন্সিলে ট্ৰাম্প পৰিয়ালৰ সৈতে জড়িত ‘ৱৰ্ল্ড লিবাৰ্টি ফাইনেন্সিয়েল’ৰ সৈতে ১৭ হাজাৰ কোটি টকাৰ ক্ৰিপ্টো ব্যৱসায়ৰ বাবে চুক্তি স্বাক্ষৰ কৰে। এফালে ভাৰতৰ সৈতে বাণিজ্য সন্দৰ্ভত আমেৰিকাই কঠোৰ স্থিতি গ্ৰহণ কৰিছে, আনফালে পাকিস্তানৰ সৈতে বাণিজ্যিক সম্পৰ্ক অধিক শক্তিশালী হৈ আহি। পেহেলগামত ভাৰত-পাকিস্তান সংঘাতৰ পিছত জেনেৰেল মুনিৰে হোৱাইট হাউছত ট্ৰাম্পক সাক্ষাৎ কৰে। কিছুদিন পিছতে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক দাৰেও আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ক সাক্ষাৎ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *