আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ফিফা শান্তি বঁটা প্ৰদান

২০২৬ চনটো ক্ৰীড়া অনুৰাগীৰ বাবে এটা ডাঙৰ বছৰ হিচাপে পৰিগণিত হ’ব। সকলোৱে ফিফা বিশ্বকাপৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। এইবাৰ ফিফা বিশ্বকাপ আমেৰিকা, কানাডা, মেক্সিকোৰ যৌথ আয়োজন কৰিছে। ফিফাই ৫ ডিচেম্বৰত আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত অনুষ্ঠিত  প্ৰতিযোগিতাখনৰ গ্ৰুপ পৰ্যায়ৰ ড্ৰ’ৰ কথা ঘোষণা কৰিছে। অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে ফিফাই প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক শান্তি বঁটা প্ৰদান কৰে। ইয়াৰ পূৰ্বে ফিফাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক শান্তি বঁটা ঘোষণা কৰিছিল।

২০২৬ চনৰ বিশ্বকাপৰ ড্ৰ’ত ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে তেওঁক ট্ৰফী, পদক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। কানাডাৰ মাৰ্ক কেনেৰী পত্নীৰ সৈতে, মেক্সিকোৰ ৰাষ্ট্ৰপতিও এই অনুষ্ঠানত উপস্থিত আছিল। শান্তিৰ বাবে গ্ৰহণ কৰা অভূতপূৰ্ব পদক্ষেপক স্বীকৃতি দিয়াৰ প্ৰয়াসত ফিফাই প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰে। ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে ফিফা শান্তি বঁটা ঘোষণা কৰি দিয়া বিবৃতিত কয় যে অস্থিৰ আৰু বিভক্ত পৃথিৱীখনত যিসকলে সংঘাতৰ অন্ত পেলাবলৈ আৰু মানুহক একত্ৰিত কৰি শান্তি গঢ়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে তেওঁলোকৰ অসাধাৰণ কামক স্বীকৃতি দিয়াটো গুৰুত্বপূৰ্ণ।

উল্লেখ্য যে ১১ জুনত আৰম্ভ হ’ব ফুটবল বিশ্বকাপ আৰু ১৯ জুলাইত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখন নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এইবাৰ মুঠ ৪৮টা দলে ফিফা বিশ্বকাপত অংশগ্ৰহণ কৰিব, যিটো প্ৰতিযোগিতাখনৰ ইতিহাসত প্ৰথমটো। ইয়াৰে ৪৬টা দলে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে দুটা দলে আন্তঃমহাদেশীয় প্লে অফৰ জৰিয়তে যোগ্যতা অৰ্জন কৰিব। কেপ ভাৰ্ডে, উজবেকিস্তান, আৰু জৰ্ডানে প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপত অংশগ্ৰহণ কৰিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *