ৰাজ্যৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বৰ্তমান তীব্ৰতৰ হৈ পৰিছে বিটিআৰৰ ৰাজনৈতিক কুচকাৱাজ। আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউপিপিএল)ৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে। দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু ক’ৰ কমিটীৰ অনুমোদনৰ পাছতে সাতজনীয়া প্ৰাৰ্থীৰ এই তালিকাখন ৰাজহুৱা কৰে দলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে।
উল্লেখনীয় যে, এইবাৰ তামুলপুৰ (অনুসূচিত জনজাতি) সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দলৰ সভাপতি প্ৰমোদ বড়োৱে। ইয়াৰ উপৰি গোসাঁইগাঁৱৰ পৰা অনিন্দ বসুমতাৰী, দতমাৰ পৰা ৰাজু কুমাৰ নাৰ্জাৰী আৰু কোকৰাঝাৰ (পূব)ৰ পৰা লৰেন্স ইছলাৰীৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে। আনহাতে ভেৰগাঁৱৰ পৰা নেৰছৌন বড়ো, ওদালগুৰিৰ পৰা দিপেন বড়ো আৰু বিজনীৰ পৰা কমলসিং নাৰ্জাৰীয়ে দলীয় প্ৰাৰ্থিত্ব লাভ কৰিছে।
ইফালে, অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ১৬ সংখ্যক অসম বিধানসভা নিৰ্বাচনৰ বাবে ইউপিপিএলে নিজৰ সাংগঠনিক ভেটি মজবুত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছে। বিটিআৰৰ উন্নয়ন আৰু আঞ্চলিক আশা-আকাংক্ষাক মূল ইছ্যু হিচাপে লৈ আগবঢ়া দলটোৰ এই প্ৰাৰ্থী ঘোষণাই সমগ্ৰ অঞ্চলটোতে নতুন ৰাজনৈতিক সমীকৰণৰ সৃষ্টি কৰিছে। গেৰুৱা দলৰ সৈতে থকা মিত্ৰতাৰ মাজতে ইউপিপিএলৰ এই শক্তিশালী নেতৃত্বই নিৰ্বাচনী যুঁজখন অধিক প্ৰতিযোগিতামূলক কৰি তুলিব বুলি ধাৰণা কৰা হৈছে।
