অসম অসামৰিক সেৱাৰ বিষয়া সংগীতা শইকীয়াৰ গ্ৰন্থ উন্মোচন

অসম অসামৰিক সেৱাৰ বিষয়া  সংগীতা শইকীয়াৰ ৰচিত গ্ৰন্থ  “As Life Moves On”  গুৱাহাটীৰ বিষ্ণু নিৰ্মলা শিশু পুথিভঁৰালত এক সাহিত্যিক অনুষ্ঠানত উন্মোচন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ডঃ কুলধৰ শইকীয়াই।

অনুষ্ঠানত যুৱ সাহিত্যিক চেইখ আল আহমেদ, নীলোৎপল গোঁহাই আৰু ঋত্বিকা ফুকন উপস্থিত আছিল। অনুষ্ঠানটোত সাহিত্য, জীৱনৰ অভিজ্ঞতা, আৰু লেখাৰ মাধ্যমত আত্ম-অনুসন্ধান লাভৰ বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। উল্লেখ্য যে “As Life Moves On”  এখন মননশীল সাহিত্যকৰ্ম ।

য’ত জীৱনৰ পৰিবৰ্তন, মানসিক দৃঢ়তা, আৰু দৈনন্দিন জীৱনত লুকাই থকা নিঃশব্দ কাহিনী বৰ্ণনা কৰা হৈছে। অন্তৰ্দৃষ্টিপূৰ্ণ বৰ্ণনাৰ জৰিয়তে সংগীতা শইকীয়াই পাঠকক ব্যক্তিগত যদিও সৰ্বজনীনভাৱে অনুভৱযোগ্য এক বিকাশ, সহনশীলতা আৰু আত্ম-উপলব্ধিৰ যাত্ৰালৈ লৈ যায়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *