কাজিৰঙাত কৰ্তব্যৰত বনকৰ্মীৰ ওপৰত গঁড়ৰ অতৰ্কিত আক্ৰমণঃ নিহত হোমগাৰ্ড

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ বৰদলনি অঞ্চলত দেওবাৰে এজন কৰ্তব্যৰত বনকৰ্মীৰ ওপৰত চলোৱা গঁড়ৰ আক্ৰমণত মৃত্যু হয় এজন হোমগাৰ্ডৰ। নিহত জোৱানজনক নগাঁও জিলাৰ জুৰীয়াৰ বাসিন্দা সাহাবুদ্দিন বুলি চিনাক্ত কৰা হৈছে। এই ভয়ংকৰ আক্ৰমণত ৰমেন বৰা নামৰ আন এজন বনকৰ্মীও গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে দুপৰীয়া প্ৰায় ১২ বজাত বৰদলনি এলেকাত তহল দি থকাৰ সময়তে এটা বনৰীয়া গঁড়ৰ সন্মুখীন হয় বনকৰ্মীৰ দলটো। গঁড়টোৱে পোনপটীয়াকৈ দুয়োগৰাকী কৰ্মীক লক্ষ্য কৰি আক্ৰমণ চলায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সাহাবুদ্দিনক কহৰা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়া অৰুণ বিঘ্নেশে সদৰী কৰা মতে, আক্ৰমণত আহত ৰমেন বৰাক প্ৰাথমিক চিকিৎসাৰ পাছত উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান বন বিভাগে গঁড়টোৰ গতিবিধিৰ ওপৰত তীব্ৰ নজৰ ৰাখিছে। বিশ্বৰ সৰ্বাধিক এশিঙিয়া গঁড়ৰ বাসস্থান হিচাপে পৰিচিত কাজিৰঙাত পূৰ্বেও বনকৰ্মীৰ ওপৰত এনে আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহতো উদ্যানখনত একেধৰণৰ আক্ৰমণত এজন বনৰক্ষী আৰু এজন হোমগাৰ্ড গুৰুতৰভাৱে আহত হৈছিল। ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰাপত্তাত নিয়োজিত ফ্ৰন্টলাইন কৰ্মীসকলৰ সুৰক্ষাক লৈ এই ঘটনাই পুনৰ উদ্বেগ সৃষ্টি কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *