মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক বিৰল আৰু আশ্চৰ্যজনক ঘটনা হিচাপে অম্বৰনাথ পৌৰসভাত একেখন মঞ্চত থিয় হ’ল পৰম্পৰাগত প্ৰতিদ্বন্দী বিজেপি আৰু কংগ্ৰেছ। থানে জিলাৰ এই গুৰুত্বপূৰ্ণ পৌৰসভাত একনাথ সিন্দেৰ নেতৃত্বাধীন শিৱসেনাক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিবলৈ বিজেপি আৰু কংগ্ৰেছে অজিত পাৱাৰৰ এনচিপিৰ সৈতে মিলি ‘অম্বৰনাথ বিকাশ আঘাড়ী’ গঠন কৰে। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ সংঘাতত লিপ্ত হোৱা এই দুই দলে স্থানীয় স্বাৰ্থত গঢ়া এই মিত্ৰতাই বৰ্তমান ৰাজনৈতিক মহলত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে।
বিগত মাহত অনুষ্ঠিত ৬০ খন আসনৰ এই পৌৰ নিৰ্বাচনত শিৱসেনাই ২৭ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠ দল হিচাপে আত্মপ্ৰকাশ কৰিছিল। আনহাতে বিজেপি ১৪ খন, কংগ্ৰেছ ১২ খন আৰু অজিত পাৱাৰৰ এনচিপিয়ে ৪ খন আসনত জয়লাভ কৰে। নিৰ্বাচনত একক বৃহত্তম দল হোৱা সত্ত্বেও পৌৰ অধ্যক্ষৰ নিৰ্বাচনত শিৱসেনাৰ প্ৰাৰ্থী মনীষা ৱালেকাৰ বিজেপিৰ তেজশ্ৰী কৰঞ্জুলে পাটিলৰ হাতত পৰাজিত হয়। অধ্যক্ষ পদ দখল কৰিলেও পৰিষদৰ কাম-কাজ চলাই নিবলৈ প্ৰয়োজনীয় সংখ্যা নাছিল বিজেপিৰ হাতত। সেই অভাৱ পূৰণ কৰিবলৈকে বিজেপিয়ে স্থানীয় বিৰোধী দলসমূহৰ সৈতে আলোচনা চলাই মঙলবাৰে এই নতুন আঘাড়ী গঠন কৰে।
বৰ্তমান ৩২ জন সদস্যৰ সমৰ্থন থকা এই নতুন মিত্ৰজোঁটক শিৱসেনাই ‘অনৈতিক আৰু সুবিধাবাদী’ বুলি আখ্যা দিছে। অম্বৰনাথৰ বিধায়ক বালাজী কিনিকেৰে কয় যে যি বিজেপিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত ‘কংগ্ৰেছ মুক্ত ভাৰত’ৰ শ্লোগান দিয়ে, সেই একেটা দলেই কেৱল ক্ষমতাৰ লালসাত স্থানীয় পৰ্যায়ত কংগ্ৰেছক শক্তিশালী কৰি তুলিছে।
ইফালে, এই মিত্ৰতাক লৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এতিয়ালৈকে কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই যদিও স্থানীয় নেতৃত্বই দুৰ্নীতিমুক্ত প্ৰশাসন আৰু উন্নয়নৰ স্বাৰ্থতে এই পদক্ষেপ লোৱা বুলি দাবী কৰিছে।
