আলফা (স্বা)ৰ ৭ জন লিংকমেন আটক। ইয়াৰে ৩ জন অসমৰ আৰু বাকী ৪ জন ম্যানমাৰৰ নাগৰিক বুলি জানিব পৰা গৈছে। আটক হোৱা অসমৰ লোককেইজন হ’ল – জিতু মৰাণ, জুলি গগৈ আৰু দিপক গগৈ। ইফালে আটক হৈছে ৪ জন ম্যানমাৰ নাগৰিক। কিন্তু এতিয়ালৈকে আৰক্ষীয়ে তেওঁলোকৰ নাম প্ৰকাশ কৰা নাই। এই লোককেইজন আলফা (স্বা)ৰ সৈতে কেনেকৈ জড়িত সেই সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
আলফা (স্বা)ৰ ৭ জন লিংকমেন আটক
