ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে পুনৰ চালান বিহিন বালি ভৰ্তি দুখন টেক্টৰ জব্দ কৰে। ওদালগুৰি জিলা বন বিভাগৰ ডি এফ অ মোস্তাফা আলি আহমেদৰ গোপন খৱৰৰ ভিত্তিত মাজবাট আঞ্চলিক বন কাৰ্যালয়ৰ বন কৰ্মীৰ দলে গোপনে ওদালগুৰি জিলাৰ ওৰাং মাজবাট অঞ্চলত চলায় চালান বিহীন টেক্টৰ বিচাৰি তালাচী অভিযান। বন কৰ্মীৰ উক্ত অভিযানত মাজবাটৰ পাচঁনৈ নদীৰ পৰা চালান বিহীন ভাবে বালি ভৰ্তি কৰি আনি থকা অৱস্থাত দেৱালখণ্ড গাওঁৰ পৰা নাম্বাৰ বিহিন টেক্টৰ এখন জব্দ কৰে আনহাতে আন এখন নাম্বাৰ বিহিন বালি ভৰ্তি টেক্টৰ জব্দ কৰে ওৰাঙৰ হাবিগাওঁৰ পৰা।পিছত বন বিভাগৰ দলে জব্দ কৰা দুয়োটা টেক্টৰ মাজবাট বন বিভাগৰ কাৰ্য্যালয়ত লৈ আনে।উল্লেখ্য যে ওদালগুৰি জিলাত ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কুৱেৰী সমুহ বন্ধ কৰি ৰখাৰ পিছতো একাংশ অসাধু চক্ৰয় নিশা হ’লেই সোজুগ বুজি পাথৰ বালি ,বল্ড আদি কঢ়িয়াই নিয়াৰ চেষ্টা চলাই গৈছে।
ওদালগুৰি জিলাৰ মাজবাট বন বিভাগৰ সফল অভিযান
