নিউজ ডেস্কঃ দেওবাৰে নিশা অষ্ট্ৰেলিয়াৰ চিডনীৰ জনপ্ৰিয় বণ্ডি বীচ্চত হোৱা গুলীচালনাৰ ঘটনাই সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই আক্ৰমণৰ পিছতে সোমবাৰে আৰক্ষীয়ে নিশ্চিত কৰে যে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰা দুজন বন্দুকধাৰী আছিল পিতা আৰু পুত্ৰ। এই আক্ৰমণত কমেও ১৬ জন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, এই ঘটনাক এক লক্ষ্য নিৰ্ধাৰিত ইহুদী-বিৰোধী আক্ৰমণ বুলি ধাৰণা কৰা হৈছে। ৫০ বছৰীয়া পিতৃক ঘটনাস্থলীতে হত্যা কৰা হয়, আনহাতে ২৪ বছৰীয়া পুত্ৰ চিকিৎসালয়ত সংকটজনক অৱস্থাত আছে। স্থানীয় সংবাদ মাধ্যমে আক্ৰমণকাৰী পিতৃক ছাজিদ আক্ৰাম আৰু পুত্ৰক নবীদ আক্ৰাম বুলি চিনাক্ত কৰিছে।
এই আক্ৰমণত আহত হোৱা চল্লিশ জন লোক এতিয়াও চিকিৎসালয়ত আছে, যাৰ ভিতৰত দুজন আৰক্ষী বিষয়াও আছে।নিহতসকলৰ বয়স ১০ ৰ পৰা ৮৭ বছৰৰ ভিতৰত। বিষয়াসকলে জনাইছে যে প্ৰায় ১,০০০ লোক সেই নিশা বীচ্চৰ ওচৰৰ এখন সৰু উদ্যানত অনুষ্ঠিত হোৱা হানুক্কা অনুষ্ঠানত উপস্থিত আছিল। ঘটনাস্থলীৰ ওচৰত এগৰাকী ফলৰ দোকানৰ মালিকে এজন বন্দুকধাৰীক প্ৰতিহত কৰিছিল আৰু এই সাহসিকতাৰ বাবে তেওঁক জীৱন ৰক্ষক নায়ক বুলি প্ৰশংসা কৰা হৈছে। বণ্ডিৰ স্থানীয় বাসিন্দাসকলে এই আক্ৰমণৰ পিছত এক গভীৰ শোকৰ পৰিৱেশ অনুভৱ কৰিছে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজে বণ্ডি বীচ্চ ভ্ৰমণ কৰি ফুলৰ থোপা আগবঢ়ায় আৰু এই ঘটনাক “সম্পূৰ্ণ দুষ্টতাৰ কাৰ্য, ইহুদী-বিৰোধী কাৰ্য, আমাৰ উপকূলত সন্ত্ৰাসবাদৰ কাৰ্য” বুলি অভিহিত কৰে। তেওঁ ইহুদী সম্প্ৰদায়ৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।
