ৰাজা ৰঘুবংশী হত্যাকাণ্ডত দুই অভিযুক্তক ক্লীন চিট

মধ্যপ্রদেশৰ ইন্দোৰৰ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ তদন্তত মেঘালয় পুলিচৰ পৰা চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। প্ৰমাণ নষ্ট কৰাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা দুজন অভিযুক্তক সম্পূৰ্ণৰূপে দোষমুক্ত ঘোষণা কৰিছে আৰক্ষীয়ে।

তদন্তত জনা গৈছে যে, ফ্লেটৰ মালিক লোকেন্দ্ৰ সিং তোমৰ আৰু গেটমেন বলবীৰ সিং আহিৰৱালৈক প্ৰাৰম্ভিক তথ্যৰ ভিত্তিত আটক কৰা হৈছিল। কিন্তু গভীৰ অনুসন্ধানত সেই তথ্যসমূহৰ কোনো শক্তিশালী প্ৰমাণ পোৱা নগ’ল। ইষ্ট খাছী হিলচৰ পুলিচ অধীক্ষক বিবেক ছিগমে কয়, “পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰা হৈছিল, কিন্তু তেওঁলোকৰ এই অপৰাধত কোনো সক্ৰিয় ভূমিকা প্ৰমাণিত হোৱা নাছিল।” দালালৰ জৰিয়তে ভাৰালৈ লোৱা ফ্লেটটোৰ হত্যাকাণ্ডৰ সৈতে কোনো সংযোগ নেপোৱাৰ বাবে তেওঁলোকক ক্লীন চিট দিয়া হৈছে।

উল্লেখ্য, হনিমুনলৈ যোৱাৰ সময়ত পত্নী সোনম আৰু প্ৰেমিক বিশাল চৌহানে মিলি ৰাজা ৰঘুবংশীক জলপ্ৰপাতৰ দ খাৱাই হত্যা কৰাৰ অভিযোগ আছে। মৃতদেহ উদ্ধাৰৰ পিছত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া জন্ম দিছিল। বৰ্তমান পুলিচে মুখ্য অভিযুক্তসকলৰ বিৰুদ্ধে তদন্ত ত্বৰান্বিত কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *