আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুকুৰবাৰে ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক প্ৰতিবন্ধকতা অধিক কঠোৰ কৰাৰ উদ্দেশ্যে এক ঐতিহাসিক বিধেয়কত স্বাক্ষৰ কৰি ইয়াক আইনত পৰিণত কৰে। মার্কিন কংগ্ৰেছত ইতিমধ্যে গৃহীত হোৱাট আইনখনে ৰাষ্ট্ৰপতিগৰাকীক এক বিশেষ ক্ষমতা প্ৰদান কৰিছে, যাৰ অধীনত ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ ক্ৰয় কৰা শীর্ষ পাঁচখন দেশৰ ওপৰত ১০০% পৰ্যন্ত শুল্ক (ট্যাৰিফ) আৰোপ কৰিব পৰা যাব। এই তালিকাত ৰাছিয়াৰ মুখ্য শক্তি ক্ৰেতা ভাৰত আৰু চীনো অন্তৰ্ভুক্ত হৈ আছে।
অৱশ্যে, এই আইনে স্বয়ংক্ৰিয়ভাৱে ভাৰত বা চীনৰ ওপৰত এই শুল্ক আৰোপ নকৰে; বৰঞ্চ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক প্ৰয়োজন সাপেক্ষে এনে সিদ্ধান্ত লোৱাৰ পূৰ্ণ অধিকাৰ প্ৰদান কৰে।আইনখনৰ নাম “লিন্ডছে অ’ গ্ৰাহাম ছেংকশ্বনিং ৰাছিয়া এণ্ড ইৰাণ এক্স’ কৰা হৈছে। এই বিলখন শেহতীয়াকৈ (১১ জুলাই) মৃত্যুবৰণ কৰা ৰিপাব্লিকান চিনেটৰ লিন্ডছে গ্ৰাহামৰ স্মৃতিত নামকৰণ কৰা হৈছে, যি ইউক্ৰেইনৰ সমৰ্থক আৰু ৰাছিয়াৰ ওপৰত কঠোৰ প্ৰতিবন্ধকতাৰ পক্ষপাতী আছিল।
৪৮ পৃষ্ঠাৰ এই বিলখনত সেইসমূহ দেশৰ বাবে ৰেহাইৰ ব্যৱস্থা ৰখা হৈছে, যিসসমূহে নিজৰ প্ৰয়োজনীয় প্ৰাকৃতিক গেছৰ ১৫% তকৈ কম অংশ ৰাছিয়াৰ পৰা আমদানী কৰে আৰু ৰাছিয়াৰ ওপৰত নিজৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে।আইনখনৰ অধীনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিন, ৰাছিয়ান চৰকাৰৰ উচ্চপদস্থ বিষয়া, বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধেও পোনপটীয়া নিষেধাজ্ঞা প্ৰযোজ্য কৰা হৈছে। পূৰ্বৰ প্ৰতিবন্ধকতাবোৰ ফাকি দি ব্যৱহাৰ কৰি থকা ৰাছিয়াৰ বিশেষ সামুদ্ৰিক জাহাজৰ ওপৰতো নতুন নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
