আৰণ্যকৰ উদ্যোগত অসম-অৰুণাচলৰ বন কৰ্মীক গিবন সংৰক্ষণৰ প্ৰশিক্ষণ

ভাৰতৰ একমাত্ৰ এপ প্ৰজাতি হিচাপে জনাজাত বিপন্নপ্ৰায় গিবন (হুলক গিবন)ৰ সংৰক্ষণৰ বিভিন্ন দিশৰ বিষয়ে বনকৰ্মী সকলক সজাগ কৰাৰ উদ্দেশ্যে অব্যাহত ৰখা নিৰলস প্ৰচেষ্টাৰ অংশহিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত জোৰহাটৰ হোলোঙাপাৰা গিবন অভয়াৰণ্যত অসম আৰু অৰুণাচল প্ৰদেশৰ বন কৰ্মীসকলৰ বাবে এখন সাত-দিনীয়া আবাসিক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰা হয়।

অসমৰ বন বিভাগৰ যোৰহাট বন সংমণ্ডলৰ সহযোগ আৰু “দ্যা হেবিটেট ট্ৰাষ্ট”, “আই ইউ চি এন এছ এছ চি প্ৰাইমেট স্পেচিয়েলিষ্ট গ্ৰুপ” আৰু “আই ইউ চি এন প্ৰাইমেট ছেকশ্যন অৱ স্মল এপছ”ৰ আয়োজিত এই উন্নত প্ৰশিক্ষণত অসমৰ ওঠৰ জন আৰু অৰুণাচল প্ৰদেশৰ ছজন ফ্ৰণ্টলাইন বন কৰ্মীয়ে অংশগ্ৰহণ কৰে। প্ৰশিক্ষাৰ্থী সকলৰ ভিতৰত পোন্ধৰ গৰাকী মহিলা বনকৰ্মী আছিল। অসমৰ প্ৰশিক্ষাৰ্থী সকল ডিব্ৰুগড়, ডিগবৈ, ডুমডুমা, গোলাঘাট, নগাঁও, শিৱসাগৰ, তিনিচুকীয়া আদি বন, সামাজিক বনানীকৰণ আৰু বন্যপ্ৰাণী সংমণ্ডলৰ বন ৰক্ষী আছিল।

অৰুণাচলৰ অংশগ্ৰহণকাৰী ছজন নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আহিছিল । প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত অধ্যক্ষতা কৰা জ্যেষ্ঠ প্ৰাইমেট’ল’জিষ্ট তথা আৰণ্যকৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মুৰব্বী ড° দিলীপ চেত্ৰীয়ে তেওঁৰ আদৰণি ভাষণত অংশগ্ৰহণকাৰী সকলক নিজৰ ক্ষেত্ৰ অভিজ্ঞতা বিনিময় কৰাৰ লগতে ক্ষেত্ৰ ভ্ৰমণ আদিত সক্ৰিয় অংশগ্ৰহণৰ আহ্বান জনায় । যোৰহাট বন সংমণ্ডলৰ সংমাণ্ডলিক বন বিষয়া এন. নন্দ কুমাৰে (আইএফ এছ) অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণত আহৰণ কৰা জ্ঞান কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ আহ্বান জনায় ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *