হাঁহি-ধেমালিৰে পৰিপূৰ্ণ এখন সংসাৰলৈ নিশাটোৰ ভিতৰতে নামি আহিল এক চৰম বিভীষিকা। পঞ্জাৱৰ ফিৰোজপুৰৰ হৰমন নগৰৰ এটা আৱাসগৃহত ঘটা এক মৰ্মান্তিক ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন ৪২ বছৰীয়া ব্যক্তিয়ে নিজৰ পত্নী আৰু দুই অবোধ কন্যাক নৃশংসভাৱে হত্যা কৰি পাছত নিজে আত্মহত্যাৰ পথ বাছি লয়। বৃহস্পতিবাৰে পুৱা এই শোকাৱহ ঘটনাটো পোহৰলৈ আহে। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, মৃত ব্যক্তিগৰাকীক অমনদীপ সিং (৪২) বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ সৈতে শোৱাপাটীতে উদ্ধাৰ হৈছে পত্নী যশবীৰ কৌৰ (৪০) আৰু দুই কন্যা ১০ বছৰীয়া মনবীৰ কৌৰ তথা ৬ বছৰীয়া পৰমীত কৌৰৰ ৰক্তাক্ত দেহ। অমনদীপ পেছাত এজন বিল্ডাৰ আৰু ফাইনেঞ্চিয়াৰ আছিল। শেহতীয়াকৈ তেওঁ এখন নতুন চেলুনো খুলিছিল, যাৰ শুভ উদ্বোধন অতি সোনকালেই হোৱাৰ কথা আছিল। মাত্ৰ পাঁচ মাহ পূৰ্বে পৰিয়ালটোৱে এই নতুন ঘৰটোত গৃহপ্ৰৱেশ কৰিছিল।
ঘটনাটো পোহৰলৈ আহে তেতিয়া, যেতিয়া পুৱা ঘৰৰ বন কৰা মানুহগৰাকী কামলৈ আহি গেটখন ভিতৰৰ পৰা বন্ধ থকা দেখে। বহু সময় ধৰি মতাৰ পাছতো সঁহাৰি নোপোৱাত তেওঁ চুবুৰীয়া আৰু ঘৰটোৰ ওপৰ মহলাত থকা ভাড়াতীয়াক খবৰ দিয়ে। পাছত দুৱাৰ ভাঙি ভিতৰলৈ সোমাই যোৱাত সকলোকে তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত দেখা যায়। ফিৰোজপুৰৰ এছ এছ পি ভূপিন্দৰ সিঙে সদৰি কৰা মতে প্ৰাথমিক তদন্তত এয়া এক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত তথ্য সংগ্ৰহৰ বাবে চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে। চুবুৰীয়া আৰু ভাড়াতীয়াৰ ভাষ্যও গ্ৰহণ কৰিছে তদন্তকাৰী বিষয়াই। কি পৰিস্থিতিত এজন সফল ব্যৱসায়ীয়ে নিজৰ সন্তান আৰু পত্নীক শেষ কৰি এনে চৰম পথ বাছি ল’লে, তাক লৈ আৰক্ষীৰ মাজত এতিয়াও ৰহস্যৰ সৃষ্টি হৈছে। সকলো দিশ সামৰি আৰক্ষীয়ে বৰ্তমান তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
