চিলাৰ সূতা ডিঙিত মেৰ খাই কৰুণ মৃত্যু শিশুৰ: চুৰাটত হৃদয়বিদাৰক ঘটনা

চাইকেল চলাই গৈ থকাৰ সময়তে চিলাৰ সূতা ডিঙিত মেৰ খাই কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এটি ৮ বছৰীয়া শিশুৱে। গুজৰাটৰ চুৰাটত সংঘটিত এই মৰ্মান্তিক ঘটনা। বৃহস্পতিবাৰে চুৰাটৰ আনন্দ ভিলা নামৰ এটা আৱাসিক এলেকাত সংঘটিত ঘটনাত অকাল মৃত্যুক সাৱটে ৰেহাংশ ৰবছে নামৰ শিশুৱে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আন এজন শিশুৰ সৈতে নিজৰ আৱাসিক গৃহৰ চৌহদত চাইকেল চলাই থকাৰ সময়তে চিলাৰ চোকা সূতাই ৰেহাংশৰ ডিঙি কাটি পেলায় আৰু থিতাতে তেওঁ চাইকেলৰ পৰা বাগৰি পৰে। ৰাণ্ডেৰ আৰক্ষী থানাৰ পৰিদৰ্শক আৰ জে চৌধুৰীয়ে জনোৱা মতে, সূতাডাল ইমানেই তীক্ষ্ণ আছিল যে ই শিশুটিৰ ডিঙি গভীৰভাৱে কাটি পেলায়। দেশজুৰি চিলা উৰুওৱা সূতাৰ বাবে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা বুধবাৰেও চুৰাটতে এখন উৰণীয়া সেতুৰ ওপৰত সূতা মেৰ খোৱাৰ ফলত ৭০ ফুট উচ্চতাৰ পৰা তলত পৰি এহাল পতি-পত্নী আৰু তেওঁলোকৰ ৭ বছৰীয়া কন্যাৰ মৃত্যু ঘটিছিল। আনহাতে, কৰ্ণাটকৰ বিদাৰ জিলাতো সঞ্জু কুমাৰ হোচামণি নামৰ এজন ৪৮ বছৰীয়া ব্যক্তিয়ে বাইক চলাই থকা অৱস্থাত একেদৰেই ডিঙি কটা গৈ মৃত্যুবৰণ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *