কৃষকৰ আন্দোলনৰ বাবে দিল্লীৰ সীমান্ত অঞ্চলত যান-বাহন চলাচল প্ৰভাৱিত

কৃষকৰ ‘দিল্লী চলো’ পদযাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে সিংগু আৰু টিক্ৰি সীমান্তত বহুস্তৰীয় বেৰিকেড স্থাপন কৰাৰ ফলত দিল্লীৰ সীমান্ত অঞ্চলত আজি যান-বাহন চলাচল প্ৰভাৱিত হয়। যদিও হাৰিয়ানাৰ দাঁতিকাষৰীয়া সিংগু আৰু টিক্ৰি সীমান্ত যান-বাহনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে, তথাপিও গাজীপুৰ সীমান্তত নিয়ন্ত্ৰিত ভাৱে যান-বাহন চলাচলৰ অনুমতি দিয়া হৈছে।

কৃষকসকলৰ দিল্লীলৈ যাত্ৰা বাধা দিবলৈ সিংগু সীমান্তৰ ওচৰৰ এখন গাঁৱত ৰাস্তাৰ এটা অংশ খন্দা হৈছে। উত্তৰ প্ৰদেশৰ সৈতে অপ্সৰা আৰু গাজীপুৰ সীমান্ত যান-বাহনৰ বাবে পথ মুকলি কিন্তু দুয়োটাতে বৃহৎ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *