প্লে অফৰ শীৰ্ষ ২ত স্থান পঞ্জাব কিংছ

শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত খেলা পঞ্জাব কিংছে সোমবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে  জয় লাভ কৰি আই পি এল ২০২৫ প্লে অফত শীৰ্ষ ২ৰ ভিতৰত স্থান নিশ্চিত কৰে। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ খেলখনত পঞ্জাবে মুম্বাইক ৭ উইকেটত পৰাস্ত কৰি প্ৰথম কোৱালিফায়াৰত প্ৰৱেশ কৰে।

টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰাৰ পিছত মুম্বাই ইণ্ডিয়ানছে দ্ৰুত আৰম্ভণি কৰে। পাৱাৰপ্লে’ত ৰোহিত শৰ্মা (২৪) আৰু ৰিয়ান ৰিকেল্টনে (২৭) ৰান সংগ্ৰহ কৰি ডাঙৰ স্ক’ৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে। ইয়াৰ পাছতে সূৰ্যকুমাৰ যাদৱে (৫৭ ৰান) নিজৰ উৎকৃষ্ট ফৰ্ম অব্যাহত ৰাখি ইনিংছটো স্থিৰ কৰি ৰাখে। অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ২৬ ৰান আৰু নমন ধীৰে ২০ ৰান আগবঢ়ায়।

শেষৰ অভাৰত আৰ্শদ্বীপ সিঙে মাত্ৰ ৩ ৰানত ২টা উইকেট দখল কৰি মুম্বাইক ২০০ ৰান কৰিবলৈ বাধা দিয়ে। নিৰ্ধাৰিত ২০ অভাৰত মুম্বাইয়ে ১৮৫/৮ ৰান সংগ্ৰহ কৰে। পঞ্জাৱৰ হৈ আৰ্ছদীপ সিং, মাৰ্কো জান্সেন আৰু বিজয় কুমাৰ ব্যাশাকে দুটাকৈ উইকেট দখল কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *