উৎকৃষ্ট বহুমূলীয়া সামগ্ৰী(টাইমপিচ)ৰ বাবে খ্যাতিসম্পন্ন  টাইটান ৱৰ্ল্ডে মাতৃ দিৱসৰ এক হৃদয়স্পৰ্শী কেম্পেইন মুকলি কৰিছে, এই অভিযানত মাতৃসকলৰ সৈতে অতিবাহিত কৰা সময়ৰ সৈতে খাপ খোৱা মূল্যৱান উপহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। পৰিয়ালৰ জীৱনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ মহিলাগৰাকীৰ সৈতে প্ৰতিটো মুহূৰ্তক উদযাপন কৰাৰ আৱেগেৰে অনুৰণন ঘটোৱা এই অভিযানে মাকৰ প্ৰতি পুত্ৰৰ কৃতজ্ঞতাৰ এক মৰ্মস্পৰ্শী কাহিনী প্ৰদৰ্শন কৰা হৈছে।

এই প্ৰচাৰ অভিযানৰ কেন্দ্ৰবিন্দু হৈছে এজন পুত্ৰ আৰু সন্তানৰ সৈতে মাতৃৰ মাজত থকা গভীৰ বন্ধনৰ এক হৃদয়স্পৰ্শী চলমান চিত্ৰায়ন, যাৰ ফলত টাইটান ৱৰ্ল্ড ষ্ট’ৰ এক আকৰ্ষণীয় উদযাপনৰ থলী হৈ পৰিছে। এইফিল্মখনত মাতৃসকলে পালন কৰা অপৰিসীম ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, লগতে নিজৰ পৰিয়ালৰ প্ৰতিপালন আৰু যতন লোৱাৰ বাবে নিঃস্বাৰ্থভাৱে নিজৰ গুৰুত্বপূৰ্ণ সময় উৎসৰ্গা কৰে। এই মাতৃ দিৱসত টাইটান ৱৰ্ল্ডে গ্ৰাহকসকলক জন্মদাত্ৰী মাতৃৰ বাবে অবিস্মৰণীয় অভিজ্ঞতা সৃষ্টি কৰাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে। টাইটান ৱৰ্ল্ডৰ নিৰ্বাচিত ষ্ট’ৰসমূহ আনন্দময় উদযাপনেৰে ভৰা সজীৱ স্থানলৈ ৰূপান্তৰিত কৰা হ’ব। আনন্দদায়ক সাজ-সজ্জাৰ পৰা আৰম্ভ কৰি সুস্বাদু কেক আৰু সুগন্ধি ফুললৈকে এই পৰিৱেশে আৱেগ আৰু আনন্দৰ প্ৰতিশ্ৰুতি দিছে।প্ৰচাৰ ভিডিঅ’টো এতিয়া লাইভ ত আছে: https://www.youtube.com/watch?v=9l8P3WV6u_0

তদুপৰি গ্ৰাহকসকলে মাতৃৰ সৈতে নিজৰ অনন্য বন্ধনৰ প্ৰতীক হিচাপে নিমজ্জিত হেণ্ড-পেইণ্টিং কাৰ্যতো জড়িত হ’ব পাৰে। ফ্ৰেমযুক্ত শিল্পকৰ্মসমূহে পৰিয়ালৰ সৈতে মাতৃৰ সম্পৰ্কৰ প্ৰকৃত সাৰমৰ্মক ধৰি ৰাখি ভৱিষ্যতলৈ স্মৰণীয় মুহূৰ্ত কৰি তুলিব পাৰে। টাইটান ৱাশ্বৰ উপাধ্যক্ষ তথা মুখ্য বিক্ৰী আৰু বিপণন বিষয়া ৰাহুল শুক্লাই এই অভিযানক লৈ নিজৰ উৎসাহ প্ৰকাশ কৰি কয় যে, “আজিৰ তাৎক্ষণিক সন্তুষ্টি বিচৰা যুগত আমি আমাৰ জীৱন গঢ়া মহিলাগৰাকীৰ সৈতে স্মৰণীয় মুহূৰ্ত অতিবাহিত কৰাৰ প্ৰয়োজনীয়তাক আলোকপাত কৰাৰ লক্ষ্য ৰাখিছোঁ। আমি এক স্বকীয় ইন-ষ্ট’ৰ অভিজ্ঞতা আগবঢ়াবলৈ পাই আনন্দিত হৈছোঁ আৰু লগতে এই কথাওঁ নিশ্চিত কৰিছো যাতে এই দিনটো মাতৃগৰাকীৰ সৈতে আপোন পৰিয়ালটোৰ বাবে আৱেগভৰা মুহূৰ্তৰে ভৰি পৰে।”