গোড্ৰেজ এগ্ৰ’ভেট লিমিটেডে ২০২৪ৰ ৩১ মাৰ্চত সমাপ্ত হোৱা চতুৰ্থ ত্ৰৈমাসিক আৰু সমগ্ৰ বছৰৰ বিত্তীয় ফলাফল প্ৰকাশ কৰিছে, এই সময়ছোৱাত সকলো ছেগমেণ্টতে আকৰ্ষণীয় বৃদ্ধি আৰু লাভ কৰিবলৈ সক্ষম হৈছে। ২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত জিএভিএলে নিজৰ সেৱা-কাৰ্যৰ জৰিয়তে ২,১৩৪ কোটি টকাৰ একত্ৰিত ৰাজহৰ তথ্য প্ৰকাশ কৰিছে, যি ২৩ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ ২০৯৫ কোটি টকাৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। কোম্পানীটোৰ একত্ৰিত এবিটা(নন-ৰেকাৰিং আৰু ব্যতিক্ৰমী সামগ্ৰীসমূহ বাদ দি) ১৬৪ কোটি টকা হৈছেগৈ, যোৱা বছৰৰ একে সময়ছোৱাত এই পৰিমাণ আছিল ৭৬ কোটি টকা। আনহাতে, কৰৰ পূৰ্বে লাভ (নন-ৰেকাৰিং আৰু ব্যতিক্ৰমী সামগ্ৰীসমূহ বাদ দি) ২৩ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ২ কোটি টকাৰ পৰা ৮৩ কোটি টকালৈ উল্লেখযোগ্য উত্থান ঘটিছে

বিত্তীয় বৰ্ষ ২০২৩-২৪ৰ সম্পূৰ্ণ বছৰটোৰ বাবে জিএভিএলে প্ৰশংসনীয় বৃদ্ধিৰ গতিধাৰা প্ৰত্যক্ষ কৰিছে আৰু নিজৰ সেৱা-কাৰ্যৰে একত্ৰিত ৰাজহ আদায়েৰে ৯,৫৬১ কোটি টকা সংগ্ৰহ কৰি নিজৰ অগ্ৰগতি অব্যাহত ৰাখিছে। ২৩ বিত্তীয় বৰ্ষত এই ধনৰ পৰিমাণ আছিল ৯,৩৭৪ কোটি টকা। ২০২৪ বিত্তীয় বৰ্ষত কোম্পানীটোৰ একত্ৰিত এবিটা ৭৫৭ কোটি টকা হৈছেগৈ, বিগত বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল ৫৬৪ কোটি টকা। কৰৰ পূৰ্বে লাভ (নন-ৰেকাৰিং আৰু ব্যতিক্ৰমী সামগ্ৰী বাদ দি) ৪৩৪ কোটি টকালৈ বৃদ্ধি পাইছে, যি ২৩ বিত্তীয় বৰ্ষত ২৮০ কোটি টকা আছিল। গড্ৰেজ এগ্ৰ’ভেট লিমিটেডৰ পৰিচালন সঞ্চালক বি এছ যাদৱে এই আকৰ্ষণীয় প্ৰদৰ্শনৰ আঁৰত ঘৰুৱা শস্য সুৰক্ষা ব্যৱসায়ৰ ব্যতিক্ৰমী প্ৰদৰ্শন, দুগ্ধ ব্যৱসায়ৰ গাঁথনিগত পৰিৱৰ্তন, পশুখাদ্যৰ বজাৰ অংশীদাৰিত্ব লাভৰ বাবেই হৈছে বুলি উল্লেখ কৰিছে।

সুদূৰপ্ৰসাৰী বহনক্ষমতাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ জিএভিএলৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হৈছে, নৱীকৰণযোগ্য উৎসৰ পৰা শক্তি ব্যৱহাৰ আৰু জল সংৰক্ষণৰ দৰে ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ অগ্ৰগতি দেখা গৈছে। বিভিন্ন খণ্ড অনুসৰি পশু খাদ্য ব্যৱসায়ত অহৰহ নতুন নতুন অগ্ৰগতি পোহৰলৈ আহিছে, বিশেষকৈ গৰুৰ খাদ্য আৰু মাছৰ খাদ্য শ্ৰেণীত যথেষ্ট অগ্ৰগতি দেখা গৈছে। দুগ্ধ ব্যৱসায় লাভজনক কৰি এক গাঁথনিগত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। আনহাতে শস্য সুৰক্ষা খণ্ডত সমগ্ৰ বছৰটোৱে শক্তিশালী বিকাশ দেখা গৈছে। গড্ৰেজ টাইচন ফুডছ লিমিটেডে (জিটিএফএল) অধিক সময়োচিত আৰু সঠিক মূল্যৰ দ্বাৰা চালিত হৈ অধিক লাভ আৰু ব্ৰেণ্ডেড সামগ্ৰীৰ পৰিমাণ বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশ কৰিছে।