বিৰিণা গোষ্ঠী, অসমৰ জুলাই মাহৰ সাহিত্য আলাপ অনুষ্ঠানত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যুদিন পালন

60

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানটোত আধুনিক অসমীয়া সাহিত্যৰ স্বনামধন্য কবিগৰাকীৰ  কাব্যকৃতি আৰু জীৱন-দৰ্শন সম্পৰ্কত আলোকপাত কৰি কবিগৰাকীলৈ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দৌলাশাল হাইস্কুলৰ নৱনিৰ্মিত পুথিভঁৰালত অনুষ্ঠিত অনুষ্ঠানটোত সভাপতিত্ব কৰে গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে। বিৰিণা গোষ্ঠী, অসমৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোৰ আঁত ধৰে সহকাৰী সম্পাদক জয়ন্ত ডেকা আৰু সুৰজিৎ পাঠকে । নলবাৰী আৰু বৰপেটা জিলাৰ অৰ্ধ শতাধিক সদস্য উপস্থিত থকা অনুষ্ঠানটোত ভাষা আন্দোলনৰ প্ৰথমজন শ্বহীদ ৰঞ্জিৎ বৰপূজাৰীকো স্মৰণ কৰি দুয়োগৰাকী পুণ্যাত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। অনুষ্ঠানটোৰ বন্তি জ্বলাই দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক গুৰুচৰণ পাঠকে ভাষণ প্ৰসংগত হীৰেন ভট্টাচাৰ্যৰ কবিতাই ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা বুলি কয়। হীৰেন ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি প্ৰাক্ স্বাধীনতা কালৰ পৰা অসমীয়া ভাষা-সাহিত্যৰ এক চমু আলোকপাত কৰে বিৰিণা গোষ্ঠী অসমৰ অন্যতম উপদেষ্টা ভৱেন কুমাৰ কলিতাই। 

সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰি  বৰপেটা জিলাৰ গৰেমাৰী এম,ই স্কুলৰ  প্ৰধান শিক্ষক তথা সাংস্কৃতিক কৰ্মী নৱজিৎ ডেকাই  হীৰেন ভট্টাচাৰ্যৰ দেশপ্ৰেম সম্পৰ্কত বক্তব্য দাঙি ধৰি কেইবাটাও দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মুগদি মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা কাপলাবড়ীস্থিত নেচনেল একাডেমীৰ অধ্যক্ষ আচকৰ আলী আহমেদে হীৰুদাৰ স্মৃতিচাৰণ কৰি  বিৰিণা গোষ্ঠীৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। বক্তব্যৰ মাজতে তেখেতে  ‘আমোলমোল শেৱালিৰ গোন্ধ’ শীৰ্ষক গীতটো পৰিবেশন কৰি অনুষ্ঠানটো অনন্য কৰি তোলে। আন এগৰাকী বক্তা অসম চৰকাৰৰ হস্ত- তাঁত বস্ত্ৰশিল্প বিভাগৰ পৰিদৰ্শক তথা বিশিষ্ট লেখক, বিৰিণা গোষ্ঠী-অসমৰ উপ সভাপতি জিয়াউৰ ৰহমানে প্ৰেম আৰু ৰ’দালিৰ কবি‌ হীৰেন ভট্টাচাৰ্যৰ জীৱন- দৰ্শন আৰু কেইবাটাও কালজয়ী কবিতা বিশ্লেষণাত্মকভাৱে আগবঢ়াই হীৰুদাৰ কেইবাটাও গীতৰ বিস্তৃত ব্যাখ্যা দাঙি ধৰে ।

বিশিষ্ট আবৃত্তিকাৰ বাবুল বণিক্য‌‌‌ই হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ কবিতাটো আবৃত্তি কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। অনুষ্ঠানত বৰষা ৰয় আৰু শিশুশিল্পী শ্যামলিমা বণিক্যই হীৰুদাৰ গীত পৰিৱেশন কৰাৰ লগতে আব্দুল কায়ুম আহমেদ, সুবৰ্ণা বৈশ্য , ছাহজাহান আলী,  ৰহমান , চানবৰ আলী, ভায়োলিনা ৰয়, চাহনুৰ আলী, ৰূপাঞ্জলী চৌধুৰীকে আদি কৰি কেইবাগৰাকী সদস্যই  হীৰেন ভট্টাচাৰ্যৰ কেইবাটাও কালজয়ী কবিতা পাঠ কৰে।  বিশিষ্ট কবি ললিতা দাস , ৰমণী নাথ আৰু সুৰজিত পাঠকে  হীৰুদাৰ সৃষ্টিৰাজিৰ ওপৰত লিখা কেইবাটাও স্বৰচিত কবিতা পাঠ কৰে । অনুষ্ঠানটোত বিৰিণা গোষ্ঠীৰ সদস্য কুলদীপ পাঠকে নিজৰ বক্তব্যত  অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখনত বিৰিণা গোষ্ঠীৰ জয়যাত্ৰাত অংশীদাৰ হ’বলৈ পাই সুখ পোৱা বুলি উল্লেখ কৰে ।‌ উপস্থিত ৰাইজৰ ফালৰ পৰা সমাজকৰ্মী দ্বিজেন দাসে বক্তব্য প্ৰদান কৰি বিৰিণা গোষ্ঠীৰ কৰ্মৰাজীক উচ্চ প্ৰশংসা কৰে ।

অনুষ্ঠানটোত  পশ্চিম বৰক্ষেত্ৰী শাখা ছাত্ৰ সন্থাৰ সভাপতি দেৱজিৎ নাথ, দৌলাশাল উন্নতি সাধিনী সভাৰ সহকাৰী সম্পাদক ফনেন্দ্ৰ নাথ, বিৰিণা গোষ্ঠী অসমৰ কোষাধ্যক্ষ বনজিৎ বৈশ্য , সদস্য দেৱজিৎ নাথ , ৰাম পাল , ববিতা বৈশ্য, দিম্পী ঠাকুৰীয়া,  চুইটী ঠাকুৰীয়া , জাহ্নৱী বণিক্য,  প্ৰবাসী পাঠক, ধৰণী নাথ, পংকজ বৰ্মন , ধ্ৰুৱজ্যোতি বৈশ্য, মৃদুল কলিতা, কুন্তল ৰাজ পাঠককে ধৰি  অৰ্ধ শতাধিক সদস্য তথা শুভাকাংক্ষী উপস্থিত থাকি হীৰেন ভট্টাচাৰ্য আৰু ৰঞ্জিৎ বৰপূজাৰীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে গীত-কথা- কবিতাৰে অনুষ্ঠানটো জীপাল কৰি তোলে ।