ৰৈ ৰৈ বিনালে’ক লৈ অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ক লৈ অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ছবিখনৰ পৰা অসম চৰকাৰে লাভ কৰা জি এছ টিৰ অংশ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক দিয়া হ’ব। জুবিন গাৰ্গে আৰ্তজনৰ সাহায্যৰ বাবে গঠন কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক দিয়া হ’ব  ছবিৰ পৰা অসম চৰকাৰে লাভ কৰা জি এছ টিৰ অংশ। বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠক পিছত এই কথা সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্রীয়ে কয়, “অসম চৰকাৰে কোনো চিনেমাৰ আমোদ কৰ নলয়। চিনেমাৰ টিকটৰ বিনিময়ত ভাৰত চৰকাৰে জি এছ টি লয়। ১০০ টকাৰ ওপৰৰ টিকটত ১৮ শতাংশ আৰু ১০০ টকাৰ তলত টিকটত ৫ শতাংশ জি এছ টি লয়। এমাহ পাছত ভাৰত চৰকাৰে অসম চৰকাৰক জি এছ টিৰ আধা ঘূৰাই দিয়ে। জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ ভাৰত চৰকাৰে ঘূৰাই দিয়া জি এছ টিৰ অসম চৰকাৰৰ অংশ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক দিয়া হ’ব। এই সিদ্ধান্ত জুবিন গাৰ্গৰ পৰিয়ালৰ লোকৰ পৰামৰ্শ অনুসৰি কেবিনেটত লোৱা হয়।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *