নদীৰ খহনীয়াই নিদ্ৰাহৰণ কৰিছে ৰাইজৰ

কালদিয়া , পহুমাৰৈ , বেঁকী , পল্লা , টিহু , বুঢ়াদিয়া নদীৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি  জিলাখনৰ ৩১নং ৰাষ্ট্ৰীয় ঘাই পথৰ দক্ষিণফালে থকা প্ৰায় অৰ্ধ শতাধিক গাঁৱৰ প্ৰতি সংকট নমাই আনিছে ৷ তদুপৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ ফালে পল্লা নদীৰ খহনীয়াৰ কবলত পৰি ইতিমধ্যে কালঝাৰ,বৰবালা,ভলুকাবাৰী পাথাৰ, বালাৰভিটা,পাকা বেতবাৰী আদি গাঁও সমুহৰ বৃহৎ এলেকা নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে৷ পিছে গাঁও সমুহৰ বাসিন্দা সকলক এতিয়া প্ৰতিমুহূৰ্ত্ততে খহনীয়াৰ আতংকই খেদি ফুৰা পৰিলক্ষিত হৈছে ৷ একেদৰে পহুমাৰা নদীৰ খহনীয়াই ৰাজাঘাট, মাধৱপুৰ,নকুচি ,বুঢ়ীগাঁও,খৰমা, ভৌকামাৰী,কুৰিহা, কয়াকুছি গাওঁ, কয়াকুছি পাথাৰ, কয়াকুছি পাম , গুমিৰ পাথাৰ , মৰিছা, পানী মৰিছা, পাকা বেতবাৰী পাম আদি গাঁও সমুহৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে৷ ইপিনে , কালদীয়া নদীৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ নদীটোৰ খহনীয়াই কাৱৈমাৰী , আমদহ , বাগনা, গোলীবান্ধা, বালাপাৰা‌, কাৱৈমাৰী ১২ নং ব্লক, কাৱৈমাৰী ১১ নং ব্লক, কাৱৈমাৰী ১০ নং ব্লক, হেলছা, পিঠাদি, তেলেৰীয়া, জালকাৰা , ভেৰা গাওঁ আদিৰ বাসিন্দা সকলৰ নিদ্ৰা হৰণ কৰিছে।

আনকি নদীৰ পাৰে পাৰে যিবোৰ পথেৰে এসময়ত চাৰিচকীয়া যান-বাহন চলাচল কৰিছিল সেইবোৰ পথৰ অৰ্ধেক অংশ নদীৰ খহনীয়াৰ কবলত পৰি পথসমুহ ঠেক হোৱাৰ লগতে বিপজ্জনক হৈ পৰিছে ৷ বিভিন্ন নদীৰ পাৰৰ বান্ধ ঠায়ে ঠায়ে  পূৰ্বেই বানৰ বাবে চিঙি গৈছে লগতে সেই ছিঙা অংশবোৰ মেৰামতি নকৰাৰ বাবে এতিয়াও উন্মুক্ত হৈয়ে আছে ৷ ফলস্বৰূপে নদীত পানী বৃদ্ধি হোৱাৰ লগে লগে সেই পানী পথাৰত উফন্দি উঠে । যাৰ বাবে প্ৰতিবছৰে ৰাইজৰ শস্যৰ ব্যাপক ক্ষতিসাধন হয়। এনেদৰে বছৰে বছৰে হৈ থকা বানৰ বাবে মৎস্যজীৱি সকলেও বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগা হৈছে৷ শেহতীয়াভাৱে নদীসমুহৰ খহনীয়াইও কৃষক আৰু মৎস্যজীৱীসকলৰ বৃহৎ ক্ষতিসাধন কৰিছে৷

এই নদীসমূহৰ গৰাখহনীয়াৰ কবলত কেৱল ৰাস্তা-ঘাটেই নহয় কেইবাখনো ঐতিহাসিক বজাৰ সম্পূৰ্ণৰূপে খহনীয়াৰ কৱলত পৰিছে। কালদিয়া নদীৰ খহনীয়াৰ কবলত পৰি বালাপাৰা , বংকু বজাৰ, ভক্তৰডবা বজাৰ , পিঠাদি বজাৰৰ যথেষ্ট সংখ্যক ভূমি নদীৰ গহীন বুকুত জাহ গৈছে ৷ এনেদৰে প্ৰতি বছৰে নদীসমুহে খহনীয়াৰ সৃষ্টি কৰি বৃহৎ ক্ষতিসাধন কৰাৰ পিছতো  চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই নিৰ্বিকাৰ ভূমিকা পালন কৰি অহা বুলি বৃহত্তৰ অঞ্চল  সমুহৰ বাসিন্দাসকলে অভিযোগ উত্থাপন কৰিছে৷ ৰাষ্ট্ৰীয় ঘাই পথৰ দক্ষিণফালে থকা গাঁও সমুহক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *