কালঝাৰ সত্ৰৰ আয়ুস ৰেখা পল্লা নদীত ব্যাপক খননৰ অভিযোগ

52

গোপাল আতাৰ দ্বাৰা স্থাপিত ঐতিহ্যমণ্ডিত হাউলীৰ কালঝাৰ সত্ৰৰ গাতে লাগি থকা তথা সত্ৰখনৰ আয়ুসৰেখা হিচাপে পৰিচিত পল্লা নদীত চৰকাৰৰ বিধিগত অনুমতি নোহোৱাকৈ ব্যাপক হাৰত খনন কাৰ্য্য চলোৱা কাৰ্য্যই নদীপৰীয়া ৰাইজক সংকিত কৰি তুলিছে। সংগ্ৰামী সতীৰ্থ সন্মিলন হাউলীৰ উপদেষ্টা যুগান্ত বায়ন আৰু মহানন্দ কুমাৰ পাঠকে বৰপেটাৰোড বন বিভাগৰ শীৰ্ষ বিষয়াৰ লগত এই দুষ্টচক্ৰটোৰ থকা অবৈধ বুজাবুজিৰ বাবে কালঝাৰ সত্ৰৰ লগত জড়িত লোকসকলৰ লগতে পল্লা নদীখনক কেন্দ্ৰ কৰি গঢ়ি উঠা এক বৃহৎ অঞ্চলৰ ৰাইজৰ আয়ুসৰেখা পল্লা নদীখন ভৱিষ্যতৰ বাবে প্ৰবাহিত হৈ থকাৰ ক্ষেত্ৰত তীব্ৰ ভাবুকিৰ সন্মুখীন হোৱা বুলি এক বিবৃতি যোগে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

এই সন্দৰ্ভত সতীৰ্থ সন্মিলন হাউলীৰ পৰা প্ৰকাশ কৰা বিবৃতিত কয় যে, যোৱা প্ৰায় এসপ্তাহ ধৰি কালঝাৰ সত্ৰৰ দক্ষিণ দিশত অৱস্থিত মিলনজ্যোতি মহাবিদ্যালয়ৰ কাষেৰে বৈ যোৱা নদীখনৰ পৰা ফকলেনেৰে মাটি খনন কৰি ব্যক্তিগত মুনাফা লাভৰ বাবে বিভিন্ন ঠাইত বিক্ৰী কৰি একাংশ লোকে ৰমৰমীয়া ব্যৱসায় চলাই আছে। এনেদৰে অবাধ গতিত নদীখনত খনন কাৰ্য্য অব্যাহত থাকিল অদূৰ ভবিষ্যতে নদীখন তৰাং হৈ অঞ্চলটো লৈ এক ভয়াৱহ জল সংকট নমাই আনিব। ইয়াৰ উপৰিও নদীখনৰ কাষত বিভিন্ন ধৰ্মৰ লোকে মৃতদেহ সৎকাৰকে ধৰি মৃতকৰ শান্তিৰ বাবে ধৰ্মীয় কামকাজ সম্পাদন কৰাৰ ক্ষেত্ৰটো সংকটে দেখা দিব।

নদীখনৰ কাষতেই কেইবাখনো শিক্ষানুষ্ঠান, মন্দিৰ, মজ্জিদ অৱস্থিত হৈ থকাৰ বাবে এনে খনন কাৰ্য্যৰ ফলত নদীখনে গতি সলালে এনে অনুষ্ঠানসমূহ নদীখনৰ জাহ যোৱাৰ আশংকাই ৰাইজক চিন্তিত কৰি তুলিছে।