চৰাইদেউ মৈদামক্ষেত্ৰ বিতৰ্ক ৯ সংগঠনৰ সংবাদমেল

চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণক লৈ সৃষ্টি হৈছে এই বিতৰ্ক | ২০১৪ চনত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল | কিন্তু ২০১৬ চনত চৰাইদেউ জিলা গঠন হয় |  ছশ বছৰীয়া আহোম ৰাজত্বকালৰ সোণোৱালী ইতিহাস বহন কৰি থকা ঐতিহাসিক চৰাইদেউ মৈদাম অঞ্চল বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত সন্নিবিষ্ট হোৱাৰ সময়তে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে |

গতিকে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যদা লাভ নকৰা পৰ্যন্ত এই বিষয়টো বিতৰ্কলৈ অনাৰ পৰিৱৰ্তে চৰাইদেউ মৈদাম ক্ষেত্ৰ শিৱসাগৰ জিলাতে ৰখাৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান মিডিয়া মেনেজমেন্ট আৰু ৰিচাৰ্চ এচচিয়েচনৰ সভাপতি জাকিৰুল আলমৰ |চৰাইদেউ মৈদাম ক্ষেত্ৰ শিৱসাগৰ জিলাত থাকিব নে চৰাইদেউ জিলাত অন্তৰ্ভুক্ত হ’ব এইক্ষেত্ৰত চৰকাৰে স্থিতি স্পষ্ট কৰিব পৰা নাই |

এনে সময়ত এই মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যদা লাভ কৰাৰ বিষয়টোতহে গুৰুত্ব দিব লাগে বুলি মত ব্যক্ত কৰে টাইপাৰ উপদেষ্টা হেমন্ত চাংমাইয়ে |

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *