পথাৰকান্দিত অসম সত্ৰ মহাসভাৰ কলাক্ষেত্ৰ স্থাপনৰ প্ৰস্তুতি

70

অসম সত্ৰ মহাসভাই অসমৰ বৰ্ণিল সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ কাৰণে এখন কলাক্ষেত্ৰ স্থাপন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে।

অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা মতে, অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তৰ নেতৃত্বত গঠিত এটা প্ৰতিনিধি দলে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথিৰ উপলক্ষ্যে বৰাক উপত্যকাৰ দুৰ্লভচেৰাত অনুষ্ঠিত হোৱা এক ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰি সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই সত্ৰ মহাসভাৰ এই ঐতিহাসিক সিদ্ধান্তৰ কথা ঘোষণা কৰে।

বিধায়ক কৃষ্ণান্দু পালৰ নেতৃত্বত ২০ বিঘা ভূমিত নিৰ্মাণ হ’বলগীয়া কলাক্ষেত্ৰখনত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও গুৰুদুজনাৰ ঐতিহাসিক সমলসমূহ দৰ্শন কৰাৰ লগতে অধ্যয়ন কৰাৰ বাবে পৰ্যাপ্ত সুবিধা লাভ কৰিব।