বনশ্ৰী দাস কলিতাৰ মোৰ আই শীৰ্ষক গ্ৰন্থ উন্মোচন

36

বৰপেটা প্ৰেছ ক্লাবত বনশ্ৰী দাস কলিতাৰ মোৰ আই শীৰ্ষক এখনি গ্ৰন্থ  উন্মোচন কৰা হয় ৷ কৃতী শিক্ষক বিবেকাৰঞ্জন ৰায় চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্জলন কৰি উন্মোচনী সভা উদ্বোধন কৰে বিশিষ্ট লেখক অক্ষয় কুমাৰ মিশ্ৰই৷ বৰগীতেৰে শুভাৰম্ভ হোৱা উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক তথা বৰপেটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড: বিৰিঞ্চি কুমাৰ দাসে ৷ বিৰিঞ্চি কুমাৰ দাসে উন্মোচন কৰি প্ৰদান কৰা ভাষণ প্ৰসংগত কয় যে , সাহিত্য কেৱল গল্প , কবিতা , উপন্যাসৰ মাজতেই আবদ্ধ হৈ নাথাকিব পাৰে ৷

গল্প , কবিতা , প্ৰবন্ধ , উপন্যাসৰ চাৰিসীমাৰ বাহিৰত থাকি কিছুমান লেখকে সাহিত্য চৰ্চা কৰে বুলি উল্লেখ কৰি বিৰিঞ্চি কুমাৰ দাসে কয় যে , বনশ্ৰী দাস কলিতাৰো মোৰ আই শীৰ্ষ গ্ৰন্থখনো গল্প , কবিতা , প্ৰবন্ধ , উপন্যাসৰ গণ্ডীৰ বাহিৰৰ এক সাহিত্য চৰ্চা ৷ তেওঁ কয় যে , মহিলা লেখকৰ সংখ্যা বাঢ়িছে ৷ তেওঁ কয়-‘মহিলাসকলৰ কিছু কবলগা থাকে৷ সেই কবলগাখিনি তেওলোকে মুকলিকৈ কবলৈ সুবিধা নাপায় ৷

সেয়ে তেওঁলোকৰ হাতত এটাই উপায় থাকে , সেয়া হৈছে কলম ৷’ তেওঁ কয় যে , বেছিভাগ মহিলা লেখকে ডাঙৰ লেখক হোৱাৰ উদ্দেশ্যে নিলিখে ৷ তেওঁলোকে নিজৰ মনৰ কথাখিনি অনুভৱ ব্যক্ত কৰিবলৈহে লিখে ৷মহিলাৰ কাৰণে নিজৰ মত প্ৰকাশৰ পৰিবেশ এতিয়াও সৃষ্টি হোৱা নাই বুলি মন্তব্য কৰে বিৰিঞ্চি কুমাৰ দাসে ৷ উন্মোচনী সভাত বিশিষ্ট লেখক অক্ষয় কুমাৰ মিশ্ৰই কয় যে , লেখকে সমাজলৈ বাৰ্তা দিব লাগে ৷