ভাৰতীয়সকলৰ বিদেশ ভ্ৰমণৰ ধাৰাত ২০২৫ চনত এক অভূতপূৰ্ব পৰিৱৰ্তন দেখা গৈছে। শেহতীয়া এক প্ৰতিবেদন অনুসৰি, এই বছৰ ভাৰতৰ পৰা হোৱা মুঠ ১০ খন আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ৯ খনেই পৰিচালনা কৰিছে ‘মিলেনিয়েল’ (Millennials) আৰু ‘জেন জি’ (Gen Z) প্ৰজন্মৰ যুৱক-যুৱতীসকলে। ফিনটেক প্লেটফৰ্ম ‘নিও’ (Niyo) ৰ দ্বাৰা প্ৰকাশিত বাৰ্ষিক ভ্ৰমণ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে।
প্ৰতিবেদন অনুসৰি, এই ভ্ৰমণসমূহৰ দুই-তৃতীয়াংশই দিল্লী, বেংগালুৰু আৰু মুম্বাইৰ দৰে মহানগৰৰ পৰা আৰম্ভ হৈছে। বৰ্তমানৰ যুৱ প্ৰজন্মই পৰম্পৰাগত গ্ৰুপ ট্যুৰৰ পৰিৱৰ্তে অকলে ভ্ৰমণ কৰিবলৈ অধিক ভাল পোৱা দেখা গৈছে। প্ৰায় ৬৩.৮ শতাংশ ভ্ৰমণকাৰীয়েই অকলে বিদেশ ভ্ৰমণৰ সিদ্ধান্ত লৈছে। থাইলেণ্ড, ইউ এ ই আৰু কাজাখাস্তানৰ দৰে দেশসমূহ তেওঁলোকৰ প্ৰথম পছন্দ হৈ পৰিছে।
যুৱ ভ্ৰমণকাৰীসকল এতিয়া কেৱল ফুৰা-চকাতে সীমাবদ্ধ নাথাকি স্থানীয় সংস্কৃতি আৰু খাদ্যৰ অভিজ্ঞতা ল’বলৈ অধিক আগ্ৰহী। ইয়াৰ উপৰিও, ডিজিটেল লেনদেন আৰু উন্নত পৰিকল্পনাৰ জৰিয়তে তেওঁলোকে নিজৰ খৰচ সীমিত ৰাখিবলৈও সক্ষম হৈছে। কাজাখাস্তানক এতিয়া বাজেট ভ্ৰমণকাৰীৰ বাবে ‘নতুন চুইজাৰলেণ্ড’ বুলি অভিহিত কৰা হৈছে। এই নতুন ধাৰাই ভাৰতৰ পৰ্যটন উদ্যোগলৈ এক নতুন গতি আনিছে।
